huatong
huatong
avatar

HQ- O Mainajan Panite Mukhoni Sai

Dipen Baruah/Devojani Dashuatong
Mrinal🌷Medhihuatong
الكلمات
التسجيلات
নাৰী:    ও..... (আলাপ)

দ্বি: ব: অ’ মইনাজান

পানীতে মুখখনি চাই

কোন মেনকাই ?

নাৰী:অ’ দেহি ঐ

চিনাকী মুখখনি জানো

চিনি পোৱা নাই ?

দ্বি: ব: অ’ মইনাজান

পানীতে মুখখনি চাই

কোন মেনকাই ?

নাৰী: অ’ দেহি ঐ

চিনাকী মুখখনি জানো

চিনি পোৱা নাই ?

দুয়ো: অ’ মইনাজান

পানীতে মুখখনি চাই

কোন মেনকাই ?

নাৰী:কথাত দেখোন

বৰষে মৌ

কিনো আছে মনতে ?

দ্বি: ব:আছে এটি আশা মনত

সাঁচি থোৱা গুপুতে !

নাৰী:মনৰ গুপুত কথা জানা

মনে বুজি পায়... !

দুয়ো:মনৰ গুপুত কথা জানা

মনে বুজি পায়... !

অ’ মইনাজান

পানীতে মুখখনি চাই

কোন মেনকাই ?

নাৰী: মৰমৰে ৰ’দালিতে

উঠে জীৱন উজলি !

দ্বি: ব: পলসুৱা পথাৰতে

ফলে সপোন সোণালী

নাৰী:এই গাঁৱতে

জনম আমাৰ,

এয়ে মৰণয়ো ঠাই !

দুয়ো:এই গাঁৱতে

জনম আমাৰ,

এয়ে মৰণয়ো ঠাই !

অ’ মইনাজান

পানীতে মুখখনি চাই

কোন মেনকাই ?

দ্বি: ব: ৰূপেৰে কাম

নিসিজে সোণ

ঘৰ ধৰিব লাগিব !

নাৰী:অ’ কথাৰে মুখ

নভৰে ধন

হালো বাব লাগিব

দ্বি: ব: অ’ ৰূপেৰে কাম

নিসিজে সোণ

ঘৰ ধৰিব লাগিব !

নাৰী: অ’ কথাৰে

মুখ নভৰে ধন

হালো বাব লাগিব

হাল জুৰিলেই

নহ’ব ধন

আলি দিবও লাগিব !

দ্বি: ব: অ’ আখল

চালেই নহ’ব সোণ

ভুঁয়ো ৰুব লাগিব !

ভুঁই সুজিলেই

নহ’ব সোণ

ধানো দাব লাগিব !

নাৰী:অ’ পথাৰ

চালেই নহ’ব

ধন ঘৰ ও চাব লাগিব !

পথাৰ চালেই

নহ’ব ধন

ঘৰ ও চাব লাগিব !

মিলিজুলি দুয়ো যাই ...

দুয়ো:মিলিজুলি দুয়ো যাই ...

দ্বি: ব:অ’ মইনাজান

পানীতে মুখখনি

চাই কোন মেনকাই ?

নাৰী: অ’ দেহি ঐ

চিনাকী মুখখনি জানো

চিনি পোৱা নাই ?

দুয়ো:অ’ মইনাজান

পানীতে মুখখনি চাই

কোন মেনকাই ?

المزيد من Dipen Baruah/Devojani Das

عرض الجميعlogo

قد يعجبك