huatong
huatong
avatar

Phul Fulisa Bosantor (Bihu)

Jubin Garghuatong
DrHK$$Dhuatong
الكلمات
التسجيلات
ফুল ফুলিছে বসন্তৰ...

শিল্পীঃ- জুবিন গাৰ্গ

(পুৰুষ) ফুল ফুলিছে বসন্তৰ

তুমি জানমণি ব'হাগৰ

প্ৰতিটো বহাগতে

মৰম যাচোঁ তোমাক অন্তৰৰ

ফুল ফুলিছে বসন্তৰ

তুমি জানমণি ব'হাগৰ

প্ৰতিটো বহাগতে

মৰম যাচোঁ তোমাক অন্তৰৰ

গুণগুণকৈ ভোমোৰা

ফুলে ফুলে পৰিছে

থোপা থোপে নাহৰ তগৰ

ডাল ভৰি ফূলিছে

জানমণি তুমিয়েই মোৰ কামনা বাসনা

তুমিয়েই মোৰ জীৱনৰ ভৰসা

তুমিয়েই মোৰ বুকুৰে কলি

(মহিলা) জুৰ মলয়া ফাগুণৰ

তুমি জানমণি মৰমৰ

প্ৰতিটো বসন্ততে

মৰম যাচোঁ তোমাক হৃদয়ৰ

জুৰ মলয়া ফাগুণৰ

তুমি জানমণি মৰমৰ

প্ৰতিটো বসন্ততে

মৰম যাচোঁ তোমাক হৃদয়ৰ

ৰঙা নীলা পখিলা

জাকে জাকে উৰিছে

কু-কু কৈ কুলিটিয়ে

পাতৰ আঁৰত মাতিছে

অ’ জানমণি তুমিয়েই মোৰ প্ৰাণৰে পুতলা

তুমিয়েই মোৰ আশাৰে নিজৰা

তুমিয়েই মোৰ নয়নৰ মণি

(পুৰুষ) ন’ কুঁহিপাত আঁহতৰ

ন’ ঢল নামে লুইতত

সদায়ে সোণ থাকিবা

তৰা হৈ মোৰ মনৰ আকাশত

কোৰাছ) ন’ কুঁহিপাত আঁহতৰ

ন’ ঢল নামে লুইতত

সদায়ে সোণ থাকিবা

তৰা হৈ মোৰ মনৰ আকাশত

ঢোল পেঁপাই গৰজিলে

অসমৰ চুকে কোণে

তুমি কাষত নাথাকিলে

মনে কিবা কৰে

জানমণি তুমিয়েই মোৰ মৰমৰ গহনা

তুমিয়েই মোৰ সাগৰৰ মুকুতা

তুমিয়েই মোৰ জীৱন লগৰী

(মহিলা) শেৱালি ফুল শৰতৰ

ব'হাগ মাহৰ দুপৰৰ

প্ৰতিটো ঢোলৰ চাপৰে

মনত পেলাই কথা অতীতৰ

শেৱালি ফুল শৰতৰ

ব'হাগ মাহৰ দুপৰৰ

প্ৰতিটো ঢোলৰ চাপৰে

মনত পেলাই কথা অতীতৰ

মৌ বৰষা মৰম দিম

মোৰ কোমল হিয়াৰে

সপোনে ঐ দিঠকে

থাকিবা মোৰ কাষতে

অ’ জানমণি তুমিয়েই মোৰ আকাশৰ চন্দ্ৰমা

তুমিয়েই মোৰ জোনাকী পৰুৱা

জানমণি তুমিয়েই মোৰ নদীৰে সূতি

জানমণি তুমিয়েই মোৰ নদীৰে সূতি

জানমণি তুমিয়েই মোৰ নদীৰে সূতি

المزيد من Jubin Garg

عرض الجميعlogo

قد يعجبك