menu-iconlogo
huatong
huatong
avatar

Gaan Pagla

Dikshuhuatong
লিরিক্স
রেকর্ডিং
পাগল নদী পাগলাদিয়া

বাগৰ সলায় কোন কেতিয়া

উকা মাটিত ছটিয়াব পলসুৱা ৰঙ

পাগল যে মই পাগলাদিয়া

গানেই জীৱনেই বলিয়া

গানেৰে গঢ়িব খোজো সেউজী অসম

অ গানেৰে কঠীয়া সিঁচো

গানেৰে সঁকিয়াই দিছোঁ

খেতিবিনে জাতিৰ অভিমান ফোঁপোলা

গানেৰে উপমা দিছোঁ

গানে গানে চিঞৰিছো

সবে সেয়ে ৰাখিছে মোৰ নাম গান পাগলা

পাগল যে মই পাগলাদিয়া

পাগল নদী পাগলাদিয়া

বাগৰ সলায় কোন কেতিয়া

উকা মাটিত ছটিয়াব পলসুৱা ৰঙ

পাগল যে মই পাগলাদিয়া

গানেই জীৱনেই বলিয়া

গানেৰে গঢ়িব খোজো সেউজী অসম

হ ' নদী উপনদী ভৰা সাৰুৱা মাটি

অসম দেশত আজি কোনে কৰিব খেতি

চহৰমুখী হলোঁ অামি চাকৰি খেদি

খোৱা পিন্ধাৰ দাম নাবাঢ়ি

বাঢ়িবনো কি?

হ' দেহাৰ বাবে লাগে বেহা

দেহাৰ বাবে লাগে বেহা

বেহাৰ বাবে লাগে দেহা

পেটেই যদি নভৰে

দেহাৰ হব কি?

গানেৰে কঠীয়া সিঁচো

গানেৰে সঁকিয়াই দিছোঁ

খেতিবিনে জাতিৰ অভিমান ফোঁপোলা

গানেৰে উপমা দিছোঁ

গানে গানে চিঞৰিছোঁ

সবে সেয়ে ৰাখিছে মোৰ নাম গান পাগলা

পাগল যে মই পাগলাদিয়া

মাটি বেচি ভেটি খুৱাই চাকৰি লবা

পাচলিত ইনজেকচন মাৰে জানিওঁ খাবা

ঘৰে ঘৰে ডায়েবেটিজ অথবা কেন্সাৰ

জাতিটোৰেই অাজি দেখোন ভঙা কামিহাড়

হ ' নদী উপনদী ভৰা

নদী উপনদী ভৰা

অসম নামৰ মাটিডৰা

পৃথিবীতে নাই এনে সাৰুৱা মাটি

গানেৰে কঠীয়া সিঁচো

গানেৰে সঁকিয়াই দিছোঁ...

Dikshu থেকে আরও

সব দেখুনlogo

আপনার পছন্দ হতে পারে