menu-iconlogo
huatong
huatong
লিরিক্স
রেকর্ডিং
মিঠা সুৰেৰে ভৰা

জীৱন এটি পাৰাপাৰবিহীন কবিতা

অনুভূতিৰে আৱৰা

ধূলি-ধোঁৱাৰে অঁকা

হৃদয়ৰে ধৰণীলে′ পোহৰ নমোৱা

সূৰ্যমুখী তুমি হোৱাঁ

অ', ৰিণিকি-ৰিণিকি কাষে চপা

সুখৰে হেঙুলীয়া

আকাশলে′ চোৱাঁ, বিলীন হোৱাঁ

সাৱটি সেউজীয়া

অ', ৰিণিকি-ৰিণিকি কাষে চপা

সুখৰে হেঙুলীয়া

আকাশলে' চোৱাঁ, বিলীন হোৱাঁ

সাৱটি সেউজীয়া

অ′, হিয়াৰে এমুঠি বৰণীয়া

অ′, ৰ'দৰে পখিলী ৰহণীয়া

অ′, ছুবলে' এধানি মলয়া জুৰ

বিচাৰোঁ চিনাকি মনৰে সুৰ

অ′, হৃদয়ৰে পদূলিতে ৰ'দৰ ফাকুৰে

আঁকি যোৱাঁ ৰামধেনু সাতো ৰঙেৰে

অ′, ৰঙচুৱা আবেলিৰ হেঙুল প্ৰভাৰে

আদৰিবাঁ জেউতি মনৰ জোনেৰে

অ', ৰিণিকি-ৰিণিকি কাষে চপা

সুখৰে হেঙুলীয়া

আকাশলে' চোৱাঁ, বিলীন হোৱাঁ

সাৱটি সেউজীয়া

অ′, ৰিণিকি-ৰিণিকি কাষে চপা

সুখৰে হেঙুলীয়া

আকাশলে′ চোৱাঁ, বিলীন হোৱাঁ

সাৱটি সেউজীয়া

Sannidhya Bhuyan থেকে আরও

সব দেখুনlogo

আপনার পছন্দ হতে পারে