menu-iconlogo
huatong
huatong
avatar

Maate Poka Dhane (মাতে পকা ধানে)

জুবিন গাৰ্গhuatong
☆Dr.hemant☆সুৰবাহিনীhuatong
Liedtext
Aufnahmen
মাতে পকা ধানে ৰিঙিয়াই

কণ্ঠ: জুবিন গাৰ্গ

সংগীত: মানস ৰবীন

কথা: আনন্দিৰাম দাস

Track: Dr.hemant.সুৰবাহিনী

* * * * * *

মাতে পকা ধানে ৰিঙিয়াই

বগীতৰা যায় আগুৱাই

মাতে পকা ধানে ৰিঙিয়াই

বগীতৰা যায় আগুৱাই

বোকোচাত দি যোৱা কেছুৱাটি আঘোনাই

নিচুকনি গীত গাই আমাৰে আঘোনাকাই

বগীতৰা আগুৱাই যায়

অ . . বগীতৰা আগুৱাই যায়

মাতে পকা ধানে ৰিঙিয়াই

বগীতৰা যায় আগুৱাই

মাতে পকা ধানে ৰিঙিয়াই

বগীতৰা যায় আগুৱাই

* * * * * *

হাতত কাঁচিখনি, মুখত তামোলখনি

কঁকালত টঙালি, বুকুত মেথনি

হাতত কাঁচিখনি, মুখত তামোলখনি

কঁকালত টঙালি, বুকুত মেথনি

তাইৰ আৰু কোনো নাই . .

তাইৰ আৰু কোনো নাই . . .

অকলেই গুচালে মুখৰ চুৱা ছাঁই

অকলেই গুচালে মুখৰ চুৱা ছাঁই

সকামটো পাতিলে ৰজনজনাই

সকামটো পাতিলে ৰজনজনাই

মাতে পকা ধানে ৰিঙিয়াই

বগীতৰা যায় আগুৱাই

মাতে পকা ধানে ৰিঙিয়াই

বগীতৰা যায় আগুৱাই

* * * * * *

আঘোণাৰ অৱদান অতবোৰ মাটিৰ ধান

কোলাত পালে এটি নাতি ল’ৰা সন্তান

আঘোণাৰ অৱদান অতবোৰ মাটিৰ ধান

কোলাত পালে এটি নাতি ল’ৰা সন্তান

তাইক আৰু লাগে কি . .

তাইক আৰু লাগে কি . . .

তাইৰ যদিও আজি আঘোণী নাই

তাইৰ যদিও আজি আঘোণী নাই

তাইৰ ওচৰত আজি হাত পাতে গঞাই

তাইৰ ওচৰত আজি হাত পাতে গঞাই

মাতে পকা ধানে ৰিঙিয়াই

বগীতৰা যায় আগুৱাই

মাতে পকা ধানে ৰিঙিয়াই

বগীতৰা যায় আগুৱাই

বোকোচাত দিযোৱা কেছুৱাটি আঘোনাই

নিচুকনি গীত গাই আমাৰে আঘোনাকাই

বগীতৰা আগুৱাই যায়

অ, অ, বগীতৰা আগুৱাই যায়

মাতে পকা ধানে ৰিঙিয়াই

বগীতৰা যায় আগুৱাই

মাতে পকা ধানে ৰিঙিয়াই

বগীতৰা যায় আগুৱাই

Mehr von জুবিন গাৰ্গ

Alle sehenlogo

Das könnte dir gefallen