menu-iconlogo
huatong
huatong
Liedtext
Aufnahmen
চিনাকি স্মৃতিময় সুঁতিলে'

বিচাৰি ওভতোঁ তোমাকে

যেতিয়া ছুব খোজোঁ সময়

প্ৰতিটো ঋতু যেন তোমাতে (তোমাতে)

জাকি মাৰি ফুৰা সপোনে

তোমাতেই আজি থমকে

কাষতে ৰ লাগি চায়

পাহাৰীয়া মন-পক্ষীয়ে

চঞ্চলা নদীৰ ঘাটেৰে

বিচাৰে আজিও তোমাক

সাঁচি ৰখা মনৰ পোহৰ তুমি

স্মৃতিৰ খিৰিকীৰে চাওঁ

এইবেলি মোৰ চোতাল ভৰি

ফুলিবনে ফুল ব'হাগৰে?

মনৰে সুৰ শুনামে তোক

আহিবি মাজোন কাষৰলে'

কঁহুৱাৰে কাষে-কাষে

চিনাকি নৈৰ পাৰে-পাৰে

এতিয়াও বিচাৰি পাওঁ

আজিও পৰশ মাথোঁ তোৰে (মাথোঁ তোৰে)

পুৱতিৰে মিঠা এমুঠি

আশাভৰা ৰ'দালি হৈ

নামি অহা দূৰ দেশৰে তুমি

হেঁপাহৰে যে নৈ

বাউলী বতাহে ক'লেহি আহি

ফাগুনে দিবহি তোমাৰ চিঠি

তেতিয়া নামিব জোনাকলে' জোনাক

আহিব নতুনৰে প্ৰভাত

সাঁচি ৰখা মনৰ পোহৰ তুমি

স্মৃতিৰ খিৰিকীৰে চাওঁ

এইবেলি মোৰ চোতাল ভৰি

ফুলিবনে ফুল ব'হাগৰে?

মনৰে সুৰ শুনামে তোক

আহিবি মাজোন কাষৰলে'

কঁহুৱাৰে কাষে-কাষে

চিনাকি নৈৰ পাৰে-পাৰে

এতিয়াও বিচাৰি পাওঁ

আজিও পৰশ মাথোঁ তোৰে

Mehr von Bhargav Ojapali/Nikhil Jyoti Sarma

Alle sehenlogo

Das könnte dir gefallen