menu-iconlogo
huatong
huatong
avatar

INSTRUMENTAL_Iman_Dhuniya_Koi_-_Dipen_Baruwa_-_Tumar_Padum_Sakut

Dipen Baruahhuatong
Mrinal✊Medhihuatong
Lyrics
Recordings
পু:ইমান ধু...নীয়া..কৈ

কোনে সৰজিলে

কোনে সৰজিলে

কোনে নামে দিলে জয়া !

তোকে আ....নিবলৈ

মনে যে ব-লীয়া

মনে যে ব-লীয়া

কৰিব নোৱাৰো বিয়া !

নাৰী:বেয়া লাগে দেই !

আঁহতৰ তি...লিঙা

যাও তই পি-লিঙা

যাও তই পি-লিঙা

মাছৰ মৰে দুবৰি বন !

মোকে ঐ পিলিঙা

নিবগে লাগিলে

নিবগে লাগিলে

ভৰিব লাগিব ধন !

পু: দেহি ঐ !

Mmmusic

Follow@ MrinalMedhi

তোকে ঐ নিবৰে মন ..!

তোকে ঐ নিবৰে মন ..!

যেনেতেনে কৰি

নিমে ঐ সাদৰি

লাগিলে ভৰিমে

ধন চেনাই কেঁচা সোণ !

তোৰে সমান হ’ব কোন

অ’ চেনাই ! অ’ সোণাই

লাগিলে ভৰিমে ধন !

নাৰী: এ হে হে

আকাশত উৰিলে

মলয়াত ঘুৰিলে

মলয়াত ঘুৰিলে

তাৰে জুৰ লগা পাৰ !

তয়ে যে পিলিঙা

মোকে নিব খোজ

মোকে নিব খোজ

কিমান ধন ভাঙিব পাৰ

পু: হয়নে ?

Mmmusic

Follow@ MrinalMedhi

পু:হালৰে বেচিমে চেনাই

কঁজলা ডমৰা !

কঁজলা ডমৰা !

গোহালীৰ বেচিমে গাই !

তেও যদি ধনে..ৰে

চেনাই জোৰাব নোৱাৰো

জোৰাব নোৱাৰো

বেচিম সোদৰৰে ভাই

নাৰী: ক’তে মৰো মই !

এইবেলি বানে হে বা...ন !

এইবেলি বানে হে বা...ন !

এইবেলি ব’হাগত

নিব নোৱাৰিলে

দেহালৈ পৰিব টানে

মোকে কেঁচাসোণ

তোৰে সমান হ’ব কোন ?

অ’ মোৰে সোণাই ঐ

দেহালৈ পৰিব তান !

পু: জান ঐ !

Mmmusic

Follow@ MrinalMedhi

পু:এ ভনী জয়া মাই

হাতে কি শুৱনি !

এ ভনী জয়া মাই

ডবুৱা কটাৰী

এ ভনী জয়া মাই

ডাবে কি ম'হৰে শিং !

এ ভনী জয়া মাই

এইবেলি চেনাই ঐ

এ ভনী জয়া মাই

চিন্তা নকৰিবি

এ ভনী জয়া মাই

ঘূৰি ব’হাগতে

নিমে ভনী জয়া মাই !

তোকে আনিবলৈ !

নাৰী: ঐ !

পু:তামোল-পান দিবলৈ !

নাৰী: ঐ !

পু:মোৰ হ’লে

ককাই-ভাই নাই !

নাৰী: আজৌ.. !

Mmmusic

Follow@ MrinalMedhi

নাৰি:হাঁহে বাটে বোলে

লুডুৰে পুদুৰে

লুডুৰে পুদুৰে

পাৰাই বাটে বোলে ৰৈ

দুয়ো:আমি বাটে বোলো

চেউলিয়া আলিয়ে

চেউলিয়া আলিয়ে

লগৰ সমনীয়া

লগৰ সমনীয়া হৈ

More From Dipen Baruah

See alllogo

You May Like