গীত:মইনা কোন বিধাতাই(কভাৰ)
Dy Medley Version
কথাছবি:ড: বেজবৰুৱা(1969)
মুলকণ্ঠ:দীপেন বৰুৱা,ৰেণু বৰুৱা
সংগীত:ৰমেন বৰুৱা
কভাৰ কণ্ঠ:দীপেন বৰুৱা,অপুৰ্ব জান,গীতালী
জয় আই অসম
M=অ’ মইনা কোন বিধাতাই সাজিলে,
তোমাৰ পদুম চকুটি
চমক নীলা বিজুলীৰে,
গোলাপ কোমল পাহিটি
এই চমকৰ ভমক লাগি,
দহি মৰে মনটি মইনা
কোন বিধাতাই সাজিলে
তোমাৰ পদুম চকুটি মইনা
কোন বিধাতাই সাজিলে
তোমাৰ পদুম চকুটি ।
ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া
f=পুৰ্ণিমাৰে আকাশৰে
জোনটি শুৱনি
কত পাবানো মেলিলে
হাত দুখনি
কোৰাছ=অ’ মইনা কত
পাবানো মেলিলে
হাত দুখনি ।
m=অ’ মইনা হাত নেমেলো আনিবলৈ
দূৰ আকাশৰ মণিটি
~~~~~~~~•••
হায় হায় হাত নেমেলো আনিবলৈ
দূৰ আকাশৰ মণিটি
মোৰ মন হাকুটি লগাই পাৰিম
এই পূৰ্ণিমাৰ জোনটি
মইনা কোন বিধাতাই সাজিলে
তোমাৰ পদুম চকুটি মইনা
কোন বিধাতাই সাজিলে
তোমাৰ পদুম চকুটি ।
mu__si_c INTERLOAD
f=নন্দন বনত ফুলি আছে
ফুল পাৰিজাত
কৃষ্ণ গোঁসাই ৰখি আছে
নেমেলিবা হাত
কোৰাছ=অ’ ব'লা কৃষ্ণ গোঁসাই
ৰখি আছে নেমেলিবা হাত
m=অ’ মইনা হাত নেমেলো
ফুল নিছিঙো,
নিছিঙো মই কলিটি
হায় হায়..
হাত নেমেলো ফুল নিছিঙো,
নিছিঙো মই কলিটি
মোৰ প্ৰাণ পখিলাই চুমি যাব
এই পাৰিজাত ফুলটি মইনা
কোন বিধাতাই সাজিলে
তোমাৰ পদুম চকুটি
মইনা কোন বিধাতাই সাজিলে
তোমাৰ পদুম চকুটি ।