পু: মই আছো… মই আছো… মই আছো…
----------------------------------------
বোলছবি: শকুন্তলা আৰু শঙ্কৰ যোচেফ আলি
মূল কণ্ঠ: দ্বীপেন বৰুৱা আৰু কবিতা বৰঠাকুৰ
----------------------------------------
পু: মই আছো গছৰে আঁৰতে,
জুৰিৰে পাৰতে চৰাইৰে কুৰুলি শুনি
ম: অ’ দেহিটি বতাহে আঁচলত
মোলৈ আনে যে বা…
পু: মই আছো গছৰে আঁৰতে,
জুৰিৰে পাৰতে চৰাইৰে কুৰুলি শুনি
ম: অ’ দেহিটি বতাহে আঁচলত
মোলৈ আনে যে বা…
পু: মই আছো…
-----------------------------------
চন্দন দাস ডাঙৰীয়াৰ অনুৰোধমৰ্মে
------------------------------------
ম: দুৰ-দুৰণিৰ আকাশৰে পৰা
বেলিৰে ৰেঙণি আহি
লুকাভাকু খেলে চা…
দুৰ-দুৰণিৰ আকাশৰে পৰা
বেলিৰে ৰেঙণি আহি
লুকাভাকু খেলে চা…
পু: পাতৰ আঁৰে আঁৰে জুমাজুমি
নিজৰাৰ পাৰৰে চুমাচুমি
অ’... পাতৰ আঁৰে আঁৰে জুমাজুমি
নিজৰাৰ পাৰৰে চুমাচুমি
ওমলি-জামলি…
ম: ভাগৰি জোগৰি চা অ’ দেহিটি
সাজোনে-কাচোনে নাচোনত ভাঙিছে গা
পু: মই আছো…
-------------------------------------
আন্তৰিক শুভেচ্ছাৰে…
RANA_Rupal
------------------------------------
ম: মই উকি মাৰো সিপাৰৰে পৰা
সিপাৰে হিয়াৰে কোনে
নেদেখো কাৰোচোন ছাঁ…
মই উকি মাৰো সিপাৰৰে পৰা
সিপাৰে হিয়াৰে কোনে
নেদেখো কাৰোচোন ছাঁ…
পু: দেহা থাকিলেহে ছাঁ পৰে
বুকুৰ উকি সি যে উমি মৰে…
অ’…দেহা থাকিলেহে ছাঁ পৰে
বুকুৰ উকি সি যে উমি মৰে…
অননি বননি…
ম: বিচাৰি বিচাৰি নাপাওঁ দেহিটি
খেদি খেদি তই মাথো হাবাথুৰি খাওঁ
পু: মই আছো গছৰে আঁৰতে,
জুৰিৰে পাৰতে চৰাইৰে কুৰুলি শুনি
ম: অ’ দেহিটি বতাহে আঁচলত
মোলৈ আনে যে বা…
পু: মই আছো…
---------------------------------