Krishna PRESENT'S
Song: সৌৱা চোৱা শ্ৰীকৃষ্ণৰ
Singer: মানস ভাগৱতী
Enjoyed
সৌৱা চোৱা শ্ৰীকৃষ্ণৰ মাথাই মৈৰা পাঁখি
মুখত মৌ বৰষা মিঠা মিঠা হাঁহি।।
সৌৱা চোৱা শ্ৰীকৃষ্ণৰ মাথাই মৈৰা পাঁখি ।
মুখত মৌ বৰষা মিঠা মিঠা হাঁহি ।।
এক হাতে মোহণ বাঁহী এক হাতে ৰাধা ।
বৃন্দাবনতে চোৱা প্ৰভূৰ কিনো লীলা ।।
এক হাতে মোহণ বাঁহী এক হাতে ৰাধা ।
বৃন্দাবনতে চোৱা প্ৰভূৰ কিনো লীলা ।।
ৰূপতে মজিলে গকুলৰ গোপিনী
ভকতিত মজিলে কাণু ।
মূৰুলীত মজিলে ৰাধা কমলনী
কিনো বিনন্দীয়া বেণু ।।
এক হাতে মোহণ বাঁহী এক হাতে ৰাধা ।
বৃন্দাবনতে চোৱা প্ৰভূৰ কিনো লীলা ।।
কিবা ভূল হৈছে যদি শুধৰাই গাব
সপ্তম সুৰেৰে হৰি বংশী বজাই ।
প্ৰাণৰে ৰাধিকা বুলি মাতিলা গোঁসাই ।।
আঁহা সখি আঁহা বাই বৃন্দাবনে যাওঁ ।
বজাইছে মোহণ বাঁহী নয়ন ভৰি চাওঁ ।।
সৌৱা চোৱা শ্ৰীকৃষ্ণৰ মাথাই মৈৰা পাঁখি ।
মুখত মৌ বৰষা মিঠা মিঠা হাঁহি ।।
please follow me
আমি কৰোঁ ৰাসক্ৰীড়া কৃষ্ণ বনমালী ।
বৃন্দাবনে গোপীৰ সংগে নাচে হালি জালি ।।
এ যমুনাৰ বালিতে শ্যাম কাণু শ্যাম কাণু ।
নাচে গোপীৰ সংগে বজাই বেণু ।।
মোৰ ধন কলিয়া কতেনো হেৰাই ।
কান্দে গোপী সৱে বিচাৰি নাপাই ।।
কৰিলা ৰাস কেলি গোপীনিক লৈ ।
বোৱালা স'প্ৰেমৰ ভকতি নৈ ।।
ধন্যবাদ