menu-iconlogo
huatong
huatong
avatar

Sou Meghar Cha

Namita Bhattacharyahuatong
neffa.mandahuatong
Lyrics
Recordings
গীত সৌ মেঘৰ ছাঁ দেখিলে

বোলছবি আশ্ৰয়

কণ্ঠ নমিতা ভট্টাচাৰ্য

Bijit n Abdul

সৌ মেঘৰ ছাঁ দেখিলে

মন ভৰি বাৰু কিয়নো যায়?

এই বনত বা লাগিলে

মন উৰি গুছি কলৈনো যায়?

আজি কোমল ৰ'দৰ মিঠা বতৰ

আজি কোমল ৰ'দৰ মিঠা বতৰ

নিজান বনত নুবুজি যেন শুই ৰম

আহা বনৰ বা লাগিলে

মন উৰি গুছি কলৈনো যায়?

সৌ মেঘৰ ছাঁ দেখিলে

মন ভৰি বাৰু কিয়নো যায়?

¥

জিপ্‌ জিপ্‌ বৰষুণ পৰে

মৌ যেন নিজৰি জৰে

ফুল সৌ লৰে কি চৰে

যেন কথা কয় মোৰেই সতে

গোপন গোপন আছে কিমান মৰম

গোপন গোপন আছে কিমান মৰম

যেন পখিলা হৈ ফুলৰ পাহিত পৰি ৰম

আহা বনৰ বা লাগিলে

মন উৰি গুছি কলৈনো যায়?

সৌ মেঘৰ ছাঁ দেখিলে

মন ভৰি বাৰু কিয়নো যায়?

¥

আলফুল পখী তাই ক'ৰে?

তিৰবিৰ পাখি যে তোৰে

কুমলীয়া মনে যে মোৰে

পানীৰে ধেমালি কৰে!

ইমান আপোন এইযে পানীৰ দাপোন

ইমান আপোন এইযে পানীৰ দাপোন

ৰহন সনা হিয়াৰ আৱেগ ক'ত থম

আহা বনৰ বা লাগিলে

মন উৰি গুছি কলৈনো যায়?

সৌ মেঘৰ ছাঁ দেখিলে

মন ভৰি বাৰু কিয়নো যায়?

More From Namita Bhattacharya

See alllogo

You May Like