পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি উৰি
পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদুলিত
বুটলি আন ল'ৰালি
উৰি
পাখি মেলি যা উৰি
দেউতাৰ হাঁহিৰে
আইৰ সতে উমলি
ৰ'দে বৰষুণে ধেমালি
আঁজলি সেই আবেলি
উৰি
পাখি মেলি যা উৰি
tarck anshu
দোকমোকালিৰ মোৰ পঢ়াশালি
ইংৰাজী অংক তপিনাত এঁচাৰি
খিৰিকিৰ ফাঁকেৰে মুকুলিৰ আঁবেলি
ঘৰলৈ উভতি খেলা মৰা-মৰি
দেউতাৰ ৰঙা চকু
একেকোবে মাৰ বুকু
পঢ়া তেবুলত
ভাগৰৰ টোপনি
আইৰ নিচুকনি মৰমৰ বুলনি
পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি
উৰি
পাখি মেলি যা উৰি
tarck anshu
জোনমণি ৰুণজুন
তেতিয়া চকুত জোন
নিভাঁজ আবেগৰ
টোপা-টোপে সঁৰা সোণ
সাতুৰি নাদুৰি
এটি এটি ৰাতি দিন
খেলা লুকা-চুৰি
নিজকে বিচাৰো কোন
ৰঙা নীলা চিলা
উৰি উৰি মনে খেলা
এতিয়া কবিতা গানৰে শলিতা
অকলে বুকুতে
চঁকুলো বুটলি
পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি
উৰি
পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদুলিত
বুটলি আন ল'ৰালি
উৰি
পাখি মেলি যা উৰি
দেউতাৰ হাঁহিৰে
আইৰ সতে উমলি
ৰ'দে বৰষুণে ধেমালি
আঁজলি সেই আবেলি
উৰি
পাখি মেলি যা উৰি
tarck anshu