menu-iconlogo
huatong
huatong
bhupen-hazarika-bistirna-parore-cover-image

Bistirna Parore

Bhupen Hazarikahuatong
pms4968huatong
Letras
Grabaciones
কণ্ঠশিল্পী~ ভুপেন হাজৰিকা

ট্ৰেক~অনুৰোধ Indiram~Nath

বিস্তীৰ্ণ পাৰৰে, অসংখ্য জনৰে

হাহাকাৰ শুনিও, নিশব্দে নিৰৱে

বুঢ়া লুইত তুমি

বুঢ়া লুইত বোৱা কিয়,?

বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে

হাহাকাৰ শুনিও নিশব্দে নিৰৱে

বুঢ়া লুইত তুমি

বুঢ়া লুইত বোৱা কিয়,?

নৈতিকতাৰ স্খলন দেখিও

মানৱতাৰ পতন দেখিও

নিৰ্লজ্জ অলখভাৱে বোৱা কিয়,?

জ্ঞানবিহীন নিৰক্ষৰৰ

খাদ্যবিহীন নাগৰিকৰ

নেত্ৰী বিহীনতাত নিমাত কিয়,?

সহস্ৰ বাৰিষাৰ

উন্মাদনাৰ অভিজ্ঞতাৰে

পঙ্গু মানৱক সবল সংগ্ৰামী

আৰু অগ্ৰগামী

কৰি নোতোলা কিয়,?

~ট্ৰেক~অনুৰোধ Indiram~Nath

ব্যক্তি যদি ব্যক্তি কেন্দ্ৰীক

সমষ্টি যদি ব্যক্তিত্বৰ অহিত

তেনে শিথিল সমাজক

নাভাঙা কিয়,?

তুমিয়েই যদি ব্ৰক্ষ্মৰেপুত্ৰ

সেই পিতৃত্ব তেনে নামমাত্ৰ

নহ’লে প্ৰেৰণা নিদিয়া কিয়,

উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে

শৰ শয্যাকে আলিংগন কৰা

ভীষ্মৰূপী অজস্ৰ বীৰক

জগাই নোতোলা কিয়,?

বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে

হাহাকাৰ শুনিও নিশব্দে নিৰৱে

বুঢ়া লুইত তুমি

বুঢ়া লুইত বোৱা কিয়,

বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে

হাহাকাৰ শুনিও নিশব্দে নিৰৱে

বুঢ়া লুইত তুমি

বুঢ়া লুইত বোৱা কিয়…?

~ধন্যবাদেৰে~দেৱজিৎ~

Más De Bhupen Hazarika

Ver todologo