জয় আই অসম
গকুলতে বকুল ফুলে
গোপীৰ সৰে মন
মধ্য ৰাত্ৰি বাঁহীৰ মাতত
কাৰ আগমন
এ গকুলতে বকুল ফুলে
গোপীৰ সৰে মন
এ মধ্য ৰাত্ৰি বাঁহীৰ মাতত
কাৰ আগমন
এ অতি চিকুন কদমজোপি
এ অতি চিকুন পাত
কৃষ্ণ কানাইৰ বাঁহীৰ সুৰে
ৰাধাক লগাই মাত ঐ
এ বৃন্দাবনৰ মাজে হৰি(কোৰাছ)
এ মুৰুলী বজাই
গোপীৰ মুহিলা মন(কোৰাছ)
নন্দৰ কানাই
এ নানা গোপীৰ নাম লৈ
নানা গোপীৰ পিছে
নানা গোপীৰ যমুনাৰ
জল আলি সিঁচে
এ যত গোপী তত কৃষ্ণ(কোৰাছ)
বৃন্দাবনৰ মাজে
ৰাধাক লৈয়া শ্ৰীকৃষ্ণই(কোৰাছ)
ৰাসলীলা পাতে
এ ৰাম ৰাস কৰে ৰাসকেলী
গোপাল গোপী সংগে
হৰিবোল হৰিবোল নিৰন্তৰে ৰংগে
অ কৃষ্ণ কানাইৰ বাঁহীৰ সুৰে
ৰাধাক লগাই মাত
হে ৰাম কৃষ্ণৰ শিৰে
মৈৰাৰ পাখি
হাততে মুৰুলী
দেখিবলৈ,লাগে ভাল
এ ষোল্ল শ গোপীনিক
প্ৰেমেৰে বান্ধিলে
মায়াৰে পাতিলে জাল
এ ৰাধিকাই মাতে হৰি
কৃষ্ণ কলীয়া বুলি
বিয়াকূল শত গোপী অ
মোহিলা তুমি মুৰাৰী
এ শিঙা বাজে,বেণু বাজে
বাজে কৰতাল
চৌপাশে নাচে গোপী
মাজতে গোপাল
এ ধেনু চৰাই বাঁহী বজাই
মোহন মুৰাৰী
মন উগুল থুগুল কৰে
শুনি গোপ নাৰী
ঘনে ঘনে বাঁহীৰ সুৰে
কৰে বিতোপন
শুনি অস্থিৰ হল
গোপীৰ মন
চৌপাশে নাচে গোপী
মাজতে গোপাল