song O bohona(Clean track)
singer babu baruah
karoake Abdul Rejjak
KK BIJIT
ঢেৰে নানে নানা ঢেৰে নানা ঢেৰে ননা নৈ
ঢেৰে নানে নানা ঢেৰে নৈ
অ বহনা কি কৰিলা মন উতলা হল
অ বহনা কি কৰিলা মন পগলা হল
অ লিখিলো তোমাকে চাই প্ৰেমৰে কবিতা
তুমি মোৰ জীৱনৰে আশাৰে মালিতা
চাপৰি চাপৰি ভূই ৰুব নালাগে
নালাগে বহিব তাঁতৰে শালত
চাকৰি বাকৰি নহলেও জানানে
ৰাখিব পাৰিম মই তোমাক আলাসত
অ বহনা কি কৰিলা মন উতলা হল
অ বহনা কি কৰিলা মন পগলা হল
অ লুনীয়া নে মিঠা কলিজাৰে বেথা
নেজানো নুবুজো সঁচাকে জানা
অ পিৰীতিৰ নাৱৰে মাৰি আছো বঠা
তোমাৰে হিয়াৰে লাগে ঠিকনা
বাহিৰে ভিতৰে পিৰীতিৰ জুই একুৰা
দহিছে বেয়াকৈ মোৰে কলিজা
অ বহনা কি কৰিলা মন উতলা হল
অ বহনা কি কৰিলা মন পগলা হল
অ নদীও নহলো সাগৰো নহলো
তোমাৰে কাষলে বৈয়ে যাবলে
অ তৰাও নহলো বেলিও নহলো
আকাশৰপৰা মই চায়ে ৰবলে
অ পাহৰি পাহৰি নোৱাৰো থাকিবলে
শয়নে সপোনে তোমাৰে ছবি
অ লিখিলো তোমাকে চাই প্ৰেমৰে কবিতা
তুমি মোৰ জীৱনৰে আশাৰে মালিতা
অ চাপৰি চাপৰি ভূই ৰুব নালাগে
নালাগে বহিব তাঁতৰে শালত
চাকৰি বাকৰি নহলেও জানানে
ৰাখিব পাৰিম মই তোমাক আলাসত
অ বহনা কি কৰিলা মন উতলা হল
অ বহনা কি কৰিলা মন পগলা হল
ঢেৰে নানে নানা ঢেৰে নানা ঢেৰে নানা নৈ
ঢেৰে নানা না না ঢেৰে নৈ...!