menu-iconlogo
huatong
huatong
bhupen-hazarika-gupute-gupute-cover-image

Gupute Gupute

Bhupen Hazarikahuatong
redd.girl.69huatong
Paroles
Enregistrements
গুপুতে গুপুতে কিমান খেলিম

আলিঙ্গনৰ এই খেলা

ছটিয়াও আহা আকাশে বতাহে

দুয়োৰে ৰঙৰে মেলা

গুপুতে গুপুতে কিমান খেলিম

আলিঙ্গনৰ এই খেলা

মৌচুমী চহৰীয়া

সমাজ আৰু সংস্কাৰক

দেখুৱাওঁ আহা প্ৰিয়া

লুকাই নথৈ আমাৰ দুখন

সাগৰৰ দৰে হিয়া

যৌৱনত জানো পাপ থাকে

প্ৰকাশ জানো বন্ধ থাকে

লহৰে জানো সাগৰক কৰে

কাহানিও অৱহেলা

গুপুতে গুপুতে কিমান খেলিম

আলিঙ্গনৰ এই খেলা

হেমন্ত

তোমাৰ নয়নযুৰি

তোমাৰ বুকুৰ পাপৰি

প্ৰতি চাৱনি শুৱনি

প্ৰতি পৰশ লাৱনী

বন্ধ ঘৰৰ খিৰিকী দুৱাৰ

খোলা আজি প্ৰিয়া খোলা

নেলাগে আৰু দেখুৱাব আজি

শালীনতা শৃংখলা

মৰমত জানো নিয়ম থাকে

ধুমুহাৰ জানো পৰিধি থাকে

প্ৰভাতক জানো ঢাকিব পাৰি

পিন্ধাই লাজৰ মালা

গুপুতে গুপুতে কিমান খেলিম

আলিঙ্গনৰ এই খেলা

ছটিয়াও আহা আকাশে বতাহে

দুয়োৰে ৰঙৰে মেলা

গুপুতে গুপুতে কিমান খেলিম

আলিঙ্গনৰ এই খেলা

Davantage de Bhupen Hazarika

Voir toutlogo

Vous Pourriez Aimer