গীত : এই ৰ’দালি জিলিমিলি
কণ্ঠ : দীপেন বৰুৱা, মৃনালিনী দত্ত
কথাছবি : ককাদেউতা নাতি আৰু হাতী (1983)
সংগীত : ৰমেন বৰুৱা
কথা : কেশৱ মহন্ত
এই ৰ’দালি জিলিমিলি !
ৰ’ব কি যাব কি চিত পখিলী !
এই ৰ’দালি
মন ফুল কলি পৰি ঢালি !
থবা কি লবা কি আকোৱালী !
এই ৰ’দালি !
এই ৰ’দালি জিলিমিলি !
ৰ’ব কি যাব কি চিত পখিলী !
এই ৰ’দালি !
এইয়া যে আহিছে চোঁৱা
এইয়া যে হাঁহিছে চোঁৱা
বসন্তৰ বলীয়া বা.. !
বসন্তৰ বলীয়া বা... !
এইয়া যে কাষতে পোৱা
এইয়া যে জিৰণি লোৱা !
এইয়া যে মৰমৰ ছাঁ... !
এইয়া যে মৰমৰ ছাঁ... !
জিৰাও যেন জিৰাও যেন মন বাউলী
জিৰাও যেন জিৰাও যেন মন বাউলী
এই ৰ’দালি !
গোপনে গোপেন গঢ়া
সপোনেৰে আপোন কৰা
দুখনি আকুল হিয়া.. !
দুখনি আকুল হিয়া ....!
চেনেহৰ নেদেখা জুৰি
দুয়োকো ৰাখিছে ধৰি
উজাৰি মৰম দিয়া ..!
উজাৰি মৰম দিয়া ...
যৌৱন নে মৌবন নে হালিজালি
যৌৱন নে মৌবন নে হালিজালি
এই ৰ’দালি !
এই ৰ’দালি জিলিমিলি !
ৰ’ব কি যাব কি চিত পখিলী !
এই ৰ’দালি !
এই ৰ’দালি !
আহা যৌৱন নে মৌবন নে হালিজালি
ৱাহ! যৌৱন নে মৌবন নে হালিজালি ৷৷