menu-iconlogo
huatong
huatong
Lirik
Rekaman
1st female,2nd male

যোজনা f থুৰীয়াই থুৰীয়াই অ

তামোল খোৱাইছিলো

তাৰ মাজত দিছিলো অ লগ

m অ হায় অ….সেই তামোলখনিত

কি যাদু কৰিলা অই

অই মনতো লগালা ৰং….

m এতোলা সোনেৰে মিনা কৰাই কৰাই

আঙুঠি মই গঢ়াই দিম

মৰম তুমি দিবানে

অই মৰম তুমি দিবানে?

যুৰি যুৰি কৰি হাতৰে লহৰত

গামখাৰু মই আনি দিম

আমাক নো ভাল পাবানে

আমাক নো ভাল পাবানে?

আমাৰ নো বিহুতলিত হবা তুমি নাচনী

দেহা তোমাৰ লাৱনি

হব বিহু শুৱনি

নাচ নাচনী ঐ ময়ো নো গৈ ঢুলীয়া

ময়ো নো গৈ ঢুলীয়া হম

f বাৰীৰে পাছেফালে বাইছিলোগৈ বৰশী

বৰশীতে উঠিলে পুখুৰীৰে মৰথী

বৰশীতে উঠিলে পুখুৰীৰে মৰথী

বিহুতলীৰ ঢুলীয়া কথাৰেহে চহকী

বাৰীৰে পাছেফালে বাইছিলোগৈ বৰশী

বৰশীতে উঠিলে পুখুৰীৰে মৰথী

বৰশীতে উঠিলে পুখুৰীৰে মৰথী

বিহুতলীৰ ঢুলীয়া কথাৰেহে চহকী

m অ হায় হায় অ….…

বাৰীৰ ঢাপৰ মহানীম

নাচনী তোমাক ময়েই নিম

নাহো বুলি ভাবিলেই

তোমাক ধৰি থেকেছিম

নাহো বুলি ভাৱিলেই তোমাক ধৰি থেকেছিম

অই নাচনী ঐ

এতোলা সোনেৰে মিনা কৰাই কৰাই

আঙঠি মই গঢ়াই দিম

মৰম তুমি দিবানে

মৰম তুমি দিবানে?

f নৈৰে নো কাষৰীয়া

মাটি নো তাকৰীয়া

বেঙেনা ৰুই ধপলা

পাতে হেৰা ঢুলীয়া

তোমাৰেনো ঘৰলৈ আশানো মই কৰা নাই

খাবলৈ ঐ নোজোৰে ভাতে হেৰা ঢুলীয়া

নৈৰে নো কাষৰীয়া মাটিনো তাকৰীয়া

বেঙেনা ৰুইধপলা পাতে হেৰা ঢুলীয়া

তোমাৰেনো ঘৰলৈ আশানো মই কৰা নাই

খাবলৈ ঐ নোজোৰে ভাতে হেৰা ঢুলীয়া

m অ হায় হায় অ…….

আমাতকৈও দুখীয়া হবা হেৰা লাহৰী

বৰষুণত উৰুখা ঘৰে হেৰা নাচনী

বৰষুণত উৰুখা ঘৰে হেৰা নাচনী

হাততনো চৰিয়া লৈ পানী টুকি থাকিবা

তেতিয়াহে পৰিব মনত হেৰা লাহৰী

f অ ঢুলীয়া ঐ সোনেৰে গঢ়োৱা

মিনা কৰাই দিয়া আঙঠি মোক নালাগে

তোমাৰ মৰম নালাগে

তোমাৰ চেনেহ নালাগে

m হিয়ানো মোৰ কন্দুৱাই

মৰমৰে নাচনী

কোনে মাতে ৰিঙিয়াই

মৰমৰে নাচনী

কাৰে মাতত কলিজা ভাঙে হেৰা মাধুৰী

তুমি আমাৰ পৃথিৱী

ৰচিছা ফুল গামোছাত

বসন্তৰে কাহিনীত

হেনোখনি গামোছা লতানো ফুলেবছা

লতানো ফুলে বছা

বিহুতলিত দি যাবা

বিহুতলিত দি যাবা মোক

f এশ এটা কাথিৰে

মৰমৰে চেনাইটি

ফুল গামোছা বৈছিলো

মৰমৰে চেনাইটি

মাজতনো বাৰেকটা দিয়ে হেৰা চেনাইটি

আমি যে ঐ শিপিনী

ৰচিছো ঐ গামোছাত

বহুতৰে কাহিনী

সেইনোখনি গামোছা লতানো ফুলেবছা

লতানো ফুলেবছা

দলিয়াই ঐ দি যামে

দলিয়াই ঐ দি যামে তোমাক

দলিয়াই ঐ দি যামে

দলিয়াই ঐ দি যামে তোমাক

Selengkapnya dari Krishnamoni Nath/DEEPLINA DEKA

Lihat semualogo

Kamu Mungkin Menyukai