তাঁতৰ দোৰে পতি
চলায় ঘনে পতি
পলকত টোলোঠা ঘুৰে
তাঁতৰ দোৰে পতি
চলায় ঘনে পতি
পলকত টোলোঠা ঘুৰে
কোননো সেইগৰাকী
চিলনীৰ ঐ জীয়ৰী
চেলেঙনো চকঠীয়া জোৰে
অ অ অ,,,,,,,পলকত টুলুঠা ঘুৰে
তাঁতৰ দোৰে পতি
চলায় ঘনে পতি
পলকত টুলুঠা ঘুৰে
একাঠু ঐ বোকাতে
কোনেনো ঐ কঠীয়া
কোনেনো ঐ কঠীয়া
আখিয়ে আখিয়ে থলে
ভৰিতনো কোবে পৰি
কাণৰে ঐ থুৰীয়া
ভৰিতনো কোবে পৰি
কাণৰে ঐ থুৰীয়া
ইফালে সিফালে লৰে
অ অ অ,,,,,পলকত টুলুঠা ঘুৰে
তাঁতৰ দোৰে পতি
চলায় ঘনে পতি
পলকত টুলুঠা ঘুৰে
কাষত এটি মূৰত এটি
শুৱাই ভৰা কলচি
জাক পাতি পানী আনে
মেনকা নে উৰ্বশী
কাষত এটি মূৰত এটি
শুৱাই ভৰা কলচি
জাক পাতি পানী আনে
মেনকা নে উৰ্বশী
খোজৰ লাচত কঁকাল হIলে জালে
খোজৰ লাচত কঁকাল হালে জালে
চিনিছোঁ ঐ চিনিছোঁ
মুখৰ হাঁহিত বুজিছোঁ
চিনিছোঁ ঐ চিনিছোঁ
মুখৰ হাঁহিত বুজিছোঁ
অসমীৰে জীয়ৰী
অসমীৰে বোৱাৰী
বাই ভনী কুটুমি মোৰে
অ অ অ,,,,পলকত টুলুঠা ঘুৰে
তাঁতৰ দোৰে পতি
চলায় ঘনে পতি
পলকত টুলুঠা ঘুৰে
কোননো সেই গৰাকী
চিলনীৰ ঐ জীয়ৰী
চেলেঙনো চকঠীয়া জোৰে
অ অ অ,,,,,,পলকত টুলুঠা ঘুৰে
পলকত টুলুঠা ঘুৰে
পলকত টুলুঠা ঘুৰে