menu-iconlogo
huatong
huatong
avatar

DOLISA

DEEPLINA DEKAhuatong
prentiss_starhuatong
가사
기록
ৰাখিবলে তোমাক

নালাগে এখন ঘৰ

মোৰ বুকুতে ৰাখিম

ওৰেটো জীৱন ভৰ

তুমি দিবা মৰম

সেই মৰমে মোক

ৰাখিব যেন জীয়াই

নালাগিব ভোক

টোপনী তোমাৰ নাহিলে তোমাক

ওচৰ চপাই আনিম মোৰ

শুৱাম তোমাক বুকুতে লৈ

শুনাম নিজান ৰাতিৰ সুৰ

অভিমান কৰিবা

মনটো ভৰিব

মোৰ মৰমত সেই

অভিমান গলিব

নিজানতে বহিবা

মনতে পৰিব

মোৰ কথাবোৰেই

আমনি কৰিব

টোপনী তোমাৰ নাহিলে তোমাক

ওচৰ চপাই আনিম মোৰ

শুৱাম তোমাক বুকুতে লৈ

শুনাম নিজান ৰাতিৰ সুৰ

দলিচা পাৰিছো

মনত আহিবা

মনতে থাকিবা তুমি

থাকিলে মৰমবোৰ

হৃদয়ো থাকিব

হৃদয়ত থাকিবা তুমি

ধুমূহাও আহিব

এন্ধাৰ এন্ধাৰ কৰি

থাকিম তোমাৰ স'তে

তোমাৰ হাতে ধৰি

মৰমে বান্ধিব

মৰম এনাজৰী

মোৰ নামৰ জীৱন

তোমাৰ নামৰ কৰি

টোপনী তোমাৰ নাহিলে তোমাক

ওচৰ চপাই আনিম মোৰ

শুৱাম তোমাক বুকুতে লৈ

শুনাম নিজান ৰাতিৰ সুৰ

দলিচা পাৰিছো

মনত আহিবা

মনতে থাকিবা তুমি

থাকিলে মৰমবোৰ

হৃদয়ো থাকিব

হৃদয়ত থাকিবা তুমি

DEEPLINA DEKA의 다른 작품

모두 보기logo