বিহুগীত = ব'হাগ আহিলে কিয়নো
কন্ঠশিল্পী = জুবিন গার্গ/বর্ণালী কলিতা
শ্রব্য কেছেট = পাঁহি (2007)
জয় আই অসম
M= অ, জান ঐ ব'হাগ
আহিলে কিয়নো
ফুলে ডালতে কপৌফুল
F= সোণ ঐ ঢোলৰ মাত
শুনিলে কিয়
গাভৰু মন হয় বিয়াকুল
//////////কোৰাছ/////////////
F= অ অ কিয় হয় বিয়াকুল
শুনিলে বাঁহীৰে সুৰ
M= শুনা বুকু ভৰি
পৰিব হিয়া জুৰ
M -F = এইয়া মন জুৰুৱা বতৰ
F= পাহাৰী জুৰিটি কিয়
বৈ আহে জিৰি জিৰি কৈ
M= অ,জান ঐ ভৈয়ামৰে বুকুলৈ
আহে মৰম দিবলৈ ....
//////////কোৰাছ////////////
F= অ, মোৰো মন জুৰিটি
খুজিছে ববলৈ
M= বাধা দি ৰাখিব
পাৰিব কোনে ঐ
M-F= জুৰিৰ মন নদী চুবলৈ
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
M= অ, জান ঐ
প্রথম মৰমে কিয়নো
কাঢ়ে চকুৰ টোপনি
F = অ, সোণ ঐ
এইয়া যে যৌৱনৰে
মিঠা মিঠা পুৰণি
/////////////কোৰাছ///////////
F= অ, কিয় ভাল লাগে
সোণ কলিজাৰ কঁপনি
M= এইয়া দুখন হিয়াৰ
মিলনৰ জাননী
M-F = মৰমে মেলিব পাহি ..
F= দুটি মন এটি হ'লে
কিনো আনে কি দিয়ে
M= অ, জান ঐ
প্রণয়ে উপচি পৰে
ভালপোৱাৰ প্রতিদান দিয়ে
কোৰাছ-----------////
F= অ, মোৰো ভাল পোৱা বোৰ
মাথোঁ তোমাৰ বাবে
M= আছো ৰৈ কাষতে
তোমাৰ হৈ সদায়ে
M-F= ৰাখিবা হিয়াৰে খবৰ .....
///////////কোৰাছ/////////////
?সমাপ্ত?