menu-iconlogo
huatong
huatong
Lirik
Rakaman
চিনা (জানো?)

বিচাৰিছে

চিনা জানো?

বিচাৰিছে

জানিব বিচাৰোঁ সঁচা প্ৰেম আজিনো কাক কয়

বাকী কথাখিনি ক'বলে' হাততে হাত থৈ

৪০০ বছৰ আছিল ৰৈ

ৰ'দে-বৰষুণে কি পাই!

নাছিলে অলপো আশা ঘূৰি অহা

তথাপি আছিল সি বাট চাই

সি লাজ পায়

ক'বলৈ

সঁচা বুলি মানি ল'বলৈ

মৰমবোৰ মনতে ৰাখি থৈ

সাহস নোগোটালে ক'বলৈ

লাহে লাহে কৰি আহিলে মনৰে বাৰিষা

কান্দিব ধৰিলে হঠাতে আজি সি মাজনিশা

আজিও আছে সি তাত ৰৈ

মনৰ কথাবোৰ মনত লৈ

দিছিলা যিমানো মিছা প্ৰতিশ্ৰুতি

সকলো আছে হাতত লৈ

ভাবিছে যে তুমি আহিবা

আধৰুৱা কথা শুনিবা

মিছা এই সমাজৰ ক'লা ধোঁৱাৰ মাজত

মিঠাকে' চুমাটি যাচিবা

চিনা জানো যোনে তোমাৰ দেখি আছে সপোন-সপোন?

বিচাৰিছে মনে মনে কৰিবলৈ আপোন-আপোন

চিনা জানো যোনে তোমাৰ দেখি আছে সপোন-সপোন?

বিচাৰিছে মনে মনে কৰিবলৈ আপোন-আপোন

জানিব বিচাৰোঁ সঁচা প্ৰেম আজিনো কাক কয় (কাক কয়)

বাকী কথাখিনি ক'বলে' হাততে হাত থৈ

Lebih Daripada Aarxslan/Debabrata Gogoi

Lihat semualogo

Anda Mungkin Suka