menu-iconlogo
huatong
huatong
avatar

Hale Jale O

Dipen Baruahhuatong
good2eathuatong
Lirik
Rakaman
অ’...  অ’... অ’...

অ’... হালে জালে অ’ লাহী বিৰিণা

উৰণীয়া কৰে গা

হালে জালে অ’ লাহী বিৰিণা

উৰণীয়া কৰে গা

জিৰাই অ’ তাতে জিৰাই

গাতে লগাই ফুৰে বা

অ’... হালে জালে অ’ লাহী বিৰিণা

উৰণীয়া কৰে গা ...

ৰিণিকি ৰিণিকি শিলিকী চখী

দেখা দি নেদেখা হৱ ।

বাঁহৰে আগলি কৰে জিলিমিলি

ত’তে আকোৱালি ল

নৈ চেঙেলীয়া গাঁজি বনৰীয়া

নৈয়ে নৈয়ে উটি যায়

জিৰাই অ’ তাতে জিৰাই

গাতে লগাই ফুৰে বা

অ’... হালে জালে অ’ লাহী বিৰিণা

উৰণীয়া কৰে গা ..

উকিয়াই উকিয়াই দি যাওঁ পখিলাই

কৈ যাওঁ মনৰে কথা ।

শুন কি নুশুন বুকুৰে ৰিণি মোৰ

শুন কি নুশুন বেঠা

মৰম আকলুৱা ফুৰোঁ পিছে পিছে

তাৰে লগৰে ছাঁ

জিৰাই অ’ তাতে জিৰাই

গাতে লগাই ফুৰে বা

অ’... হালে জালে অ’ লাহী বিৰিণা

উৰণীয়া কৰে গা

জিৰাই অ’ তাতে জিৰাই

গাতে লগাই ফুৰে বা

অ’... হালে জালে অ’ লাহী বিৰিণা

উৰণীয়া কৰে গা

হালে জালে অ’ লাহী বিৰিণা

উৰণীয়া কৰে গা ।

Lebih Daripada Dipen Baruah

Lihat semualogo

Anda Mungkin Suka