হিয়াৰে দলিচাতে
তুমি আহি ধৰা দিলা মোক গোপনে
কত আশা মোৰ বুকুতে
সাঁচি থ′লোঁ তোমাৰ বাবেই গোপনে
কবিতাৰে ছন্দে-ছন্দে
বোৱা তুমি ৰন্ধ্ৰে-ৰন্ধ্ৰে
কবিতাৰে ছন্দে-ছন্দে
বোৱা তুমি ৰন্ধ্ৰে-ৰন্ধ্ৰে
প্ৰতিটো খোজতে সাৱটি ধৰিমেই মাথোঁ তোমাকেই
প্ৰতিটো শৰতে বাতৰি আনিছে আজি তোমাৰেই
প্ৰতিটো উশাহে-নিশাহে আজি বিলীন মই তোমাতেই
প্ৰতিটো ক্ষণতে প্ৰতিটো পলতে তুমিয়েই
মনৰ পাহে-পাহে
শিহৰণ জাগিছে
তুমি আহি মোক গোপনে
ধৰা দিয়া শয়নে-সপোনে
দূৰ আকাশৰ তৰা
তুমি নামি নামি আহা
সৰগৰে পৰী, গোলাপো যায় সৰি
তুমি আহাৰ বাতৰি পাই
সকলো চোন থমকি থমকি যায়
তুমি দূৰ-সুদূৰৰ
থাকা হিয়াৰ কোণত
হৰিণী-ৰূপী চাৱনি
তোমাৰেই মিঠা হাঁহিটি
হিয়াতে বজায় ৰুণ-জুন ৰুণ-জুন
নূপুৰ বজায়
কবিতাৰে ছন্দে-ছন্দে
বোৱা আজি ৰন্ধ্ৰে-ৰন্ধ্ৰে
কবিতাৰে ছন্দে-ছন্দে
বোৱা আজি ৰন্ধ্ৰে-ৰন্ধ্ৰে
প্ৰতিটো খোজতে সাৱটি ধৰিছোঁ, আগুৰিছোঁ তোমাকেই
প্ৰতিটো শৰতে বাতৰি আনিছে আজি তোমাৰেই
প্ৰতিটো উশাহে-নিশাহে আজি বিলীন মই তোমাতেই
প্ৰতিটো ক্ষণতে প্ৰতিটো পলতে তুমিয়েই
বুকুৰ কোঁহে-কোঁহে
শিহৰণ জাগিছে
তুমি আহি মোক গোপনে
ধৰা দিলা শয়নে-সপোনে