বিহুগীত : ওখকৈ পাহাৰত
কণ্ঠ : মৌচম গগৈ
জয় আই অসম
m/ওখকৈ পাহাৰত বগাব
নোৱাৰো মাজনী
চেচা নো বৰফেৰে ভৰা
তোমাক মৰম দিব মই নোৱাৰো
জানানে মাজনী
ঘৰৰ নো লগা ভগাৰ
ঘৰৰ নো লগা ভগাৰ পৰা
কোৰাছ/////////---------
সৰুনো হৈ আছিলো
একো জনা নাছিলো
তোমাক কাষত পাইয়ো মই
মৰম দিয়া নাছিলো
কোৰাছ/////////---------
আজিহে বুজিলো মই
মৰম মানে কি ?
হিয়াৰ অবুজ অনুভূতি
~~~~~~~~~••••
f/পিতাইয়ে নিদিয়ে ওলাব
অ মোৰে চেনাইধন
যৌৱনত ভৰি দিয়াৰ পৰা
আইয়ে মাৰে কেটেৰা জেঙেৰা
অ মোৰে চেনাইধন
তোমাক নো"ভাল পাবৰে
তোমাক নো"ভাল পাবৰে পৰা
কোৰাছ/////////---------
ঐ সৰুতে লগা ভগা
জনাটো মই নাছিলো
দুয়ো একে লগতে
ধূলিনো খেলিছিলো
কোৰাছ/////////---------
নাজানো কেনেকৈ মই
তোমাক দিলো মন
আজি মন হয় অবুজন
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
m/মৰমে নেমানে জাতি কূল
জানানে মাজনী
শুনে মাথো মনৰে কথা
তোমাক ভালপায়ো কাষত নেপাও
জানানে মাজনী
এইয়াই যে মোৰ অন্তৰৰ
এইয়াই যে মোৰ অন্তৰৰ বেথা
কোৰাছ/////////---------
পাহৰো বুলি জানো
পাৰি সোন পাহৰিব
দুখন হিয়া মিলিলে
সমাজে কি কৰিব
কোৰাছ/////////---------
তোমাক লৈ পাতিম বুলি
সুখৰ এখন ঘৰ
আশা আছে বহু গোপন
~~~~~~~~~•••
f/বিধতাই কিয়নো স্ৰজিলে
অ মোৰে চেনাইধন
আমাক নো লগাভগা কৰি
তোমাক মই এৰিব নোৱাৰো
অ মোৰে চেনাইধন
লাগিলে নো যামে মই
লাগিলে নো যামে মই মৰি
কোৰাছ/////////---------
ঐ তুমি ভাবি চাবানে
আপোন কৰি লবানে
সমাজৰে নিয়মবোৰ
নামানি পাৰিবানে
কোৰাছ/////////---------
গুছি যাম আমি দুয়ো
বহু দুৰ দুৰলৈ
জানা অজান দেশলৈ
কোৰাছ/////////---------
Track Request : PAPU