বিহুগীত:অসম আজি ৰসাতলে
(দেশপ্ৰেমমূলক বিহুগীত)
কণ্ঠ:ৰাজীৱ শদিয়া
জয় আই অসম
অসম আজি,ৰসাতলে
গল অসমীয়া
সোমালে,বাংলাদেশী
বিকৃত,,হৈ গল
অ অসমীয়া
অসমৰে ভাষা সংষ্কৃতি
ট্ৰেক আপলোড: BIJIT_শিৱসাগৰীয়া
অসম আজি ৰসাতলে
গল অসমীয়া
সোমালে বাংলাদেশী
বিকৃত হৈ গল
অ অসমীয়া
অসমৰে ভাষা সংষ্কৃতি
অ অ অ অ অ অসমীয়া
দেখিছা সাপৰে পাল্লাত পৰি ঐ
দেখিছা সাপৰে পাল্লাত পৰি
ট্ৰেক অনুৰোধ:Dibyajyotiকৃষ্ণচূড়া
অসমীয়া লিখা পঢ়া
নজনাটো অ অসমীয়া
গৌৰৱৰ কাৰণ আজি
নিজৰে সকলোবোৰ দি জলাঞ্জলী
বাছি থাকিব জানো এটা জাতি
অ অ অ অ অ অসমীয়া
শংকৰ মাধৱ চুকাফাক
মনত লোৱা ঐ
বিষ্ণু জ্যোতি ভূপেনদাক
মনত ৰাখিবা
**********===*********
সময় থাকোতেই আহা
অ অসমীয়া
বান্ধো কঁকালত টঙালী
ৰাখিবলে মান
অ অসমীয়া
ভাষা আৰু জাতি সংষ্কৃতি
অ অ অ অ অ অসমীয়া
সময় থাকোতে সকলোৱে
ওলাই আহ ঐ
জয় আই অসম বুলি
সকলোৱে গা
(কোৰাছ:সময় থাকোতে সকলোৱে
ওলাই আহ
জয় আই অসম বুলি
সকলোৱে গা
সময় থাকোতে….....)
জয় আই অসম বুলি!
সকলোৱে.…গা….