menu-iconlogo
huatong
huatong
avatar

Barixare Batori

Anju Panchi/Tavreedhuatong
voigtddewhuatong
Letra
Gravações
বাৰিষাৰে বাতৰি

বাটতে পাহৰি

আকোঁৱালি ল'লো তোমাক

চেনেহী কাজলী

বাৰিষাৰে বাতৰি

বাটতে পাহৰি

আকোঁৱালি ল'লো তোমাক

চেনেহী কাজলী

হেঁপাহেৰে মোহাৰি

সাবতি ধৰো তোমাক

সন্ধিয়া নামেহি

সানে কায়াহীন আঘাত

চিয়াঁহী প্ৰেমৰ সানিলো

নীলিমাতে বিলীন হৈ জানিলো

তুমি যে পলাশীৰ কলি

তুমি যে জোনাকীৰ ছবি

মিচিকি হাঁহিৰ সাঁথৰো

কাকলী সুৰেৰে আঁকো

ফাগুনৰ চাৱনি

দুহাতেৰে খামুচি

লিখি থ'লো প্ৰতিদিন তোমাক

দুচকুৰ ৰাঙলী

ফাগুনৰ চাৱনি

দুহাতেৰে খামুচি

লিখি থ'লো প্ৰতিদিন তোমাক

দুচকুৰ ৰাঙলী

ৰূপালী খোজেৰে

দেখা পাওঁ তোমাক

হেঁপাহ বিৰিঙি

সাজে মোৰে প্ৰভাত

সেউজী তোমাৰ সুবাসো

মলয়াৰ ওঠতেই আবেগ বিচাৰো

তুমি যে পলাশীৰ কলি

তুমি যে জোনাকীৰ ছবি

মিচিকি হাঁহিৰ সাঁথৰো

কাকলী সুৰেৰে আঁকো

Mais de Anju Panchi/Tavreed

Ver todaslogo

Você Pode Gostar