menu-iconlogo
logo

Photo

logo
Letra
আধাখোলা ফটোখনি চায়

Zubeen Priyanka

Upload : ৰাজ

অ অ অ অ অ……

(M)আধাখোলা ফটোখনি চায়

ওৰেনিশা টোপনি মোৰ নাই

ম'বাইল অন কৰি ঘনাই চাও খুলি

কিজানিবা মন মোৰ জুৰায়

(F)আধাখোলা ফটোখনি চায়

সীমা আৰু নাযাবা চেৰাই

অাধাতেই বাধা তাতেই হে মজা

হেপাহবোৰ আছে যে লুকায়

music

(M)বেলিও আনিম তৰাও বুটলিম

তোমালৈ জান তোমালৈ

পাহাৰো বগাম সাগৰো সাতুৰিম

তোমাৰ হৈ জান তোমাৰ হৈ

(F)অ বেলি নহলে তৰা নাথাকিলে

লাগে মৰম সঁচা হৃদয়ত

অ বেলি নহলে তৰা নাথাকিলে

লাগে মৰম সঁচা হৃদয়ত

(M)ৰাধা হবা মই হম কানাই

মৰম বিলাম আমি দুজনাই

বাঁহীৰ মাত শুনি নিজকে পাহৰি

মনে তাতে থাকিব জিৰাই

(F)অ অ অ……………

music

(F)মৰমত যাচিম সপোনবোৰ ৰচিম

তোমালৈ জান তোমালৈ

আশাবোৰ সিচিম ওৰে জীবন থাকিম

তোমাৰ হৈ জান তোমাৰ হৈ

(M)মনে মিলিলে দুখনি হিয়াৰে

বাধা দিয়ে কোনে আমাক অই

মনে মিলিলে দুখনি হিয়াৰে

বাধা দিয়ে কোনে আমাক অ…

(F)বাধা দিলে মা দেউতাই

বুজাম মই কাষত বহুৱাই

মৰমে ৰাখিব সুখেৰে খুৱাব

থাকিম সুখৰ পঁজাতি সজাই

️ ধন্যবাদ ️

Photo de Zubeen Garg/Priyanka Bharali – Letras & Covers