নাৰী: ও..... (আলাপ)
দ্বি: ব: অ’ মইনাজান
পানীতে মুখখনি চাই
কোন মেনকাই ?
নাৰী:অ’ দেহি ঐ
চিনাকী মুখখনি জানো
চিনি পোৱা নাই ?
দ্বি: ব: অ’ মইনাজান
পানীতে মুখখনি চাই
কোন মেনকাই ?
নাৰী: অ’ দেহি ঐ
চিনাকী মুখখনি জানো
চিনি পোৱা নাই ?
দুয়ো: অ’ মইনাজান
পানীতে মুখখনি চাই
কোন মেনকাই ?
নাৰী:কথাত দেখোন
বৰষে মৌ
কিনো আছে মনতে ?
দ্বি: ব:আছে এটি আশা মনত
সাঁচি থোৱা গুপুতে !
নাৰী:মনৰ গুপুত কথা জানা
মনে বুজি পায়... !
দুয়ো:মনৰ গুপুত কথা জানা
মনে বুজি পায়... !
অ’ মইনাজান
পানীতে মুখখনি চাই
কোন মেনকাই ?
নাৰী: মৰমৰে ৰ’দালিতে
উঠে জীৱন উজলি !
দ্বি: ব: পলসুৱা পথাৰতে
ফলে সপোন সোণালী
নাৰী:এই গাঁৱতে
জনম আমাৰ,
এয়ে মৰণয়ো ঠাই !
দুয়ো:এই গাঁৱতে
জনম আমাৰ,
এয়ে মৰণয়ো ঠাই !
অ’ মইনাজান
পানীতে মুখখনি চাই
কোন মেনকাই ?
দ্বি: ব: ৰূপেৰে কাম
নিসিজে সোণ
ঘৰ ধৰিব লাগিব !
নাৰী:অ’ কথাৰে মুখ
নভৰে ধন
হালো বাব লাগিব
দ্বি: ব: অ’ ৰূপেৰে কাম
নিসিজে সোণ
ঘৰ ধৰিব লাগিব !
নাৰী: অ’ কথাৰে
মুখ নভৰে ধন
হালো বাব লাগিব
হাল জুৰিলেই
নহ’ব ধন
আলি দিবও লাগিব !
দ্বি: ব: অ’ আখল
চালেই নহ’ব সোণ
ভুঁয়ো ৰুব লাগিব !
ভুঁই সুজিলেই
নহ’ব সোণ
ধানো দাব লাগিব !
নাৰী:অ’ পথাৰ
চালেই নহ’ব
ধন ঘৰ ও চাব লাগিব !
পথাৰ চালেই
নহ’ব ধন
ঘৰ ও চাব লাগিব !
মিলিজুলি দুয়ো যাই ...
দুয়ো:মিলিজুলি দুয়ো যাই ...
দ্বি: ব:অ’ মইনাজান
পানীতে মুখখনি
চাই কোন মেনকাই ?
নাৰী: অ’ দেহি ঐ
চিনাকী মুখখনি জানো
চিনি পোৱা নাই ?
দুয়ো:অ’ মইনাজান
পানীতে মুখখনি চাই
কোন মেনকাই ?