menu-iconlogo
huatong
huatong
avatar

জিলিকি জিলিকা তৰা আকাশৰে !

Dipen Baruahhuatong
Mrinal✊Medhihuatong
Тексты
Записи
জিলিকি জিলিকা

তৰা আকাশৰে !

চিটিকি যদিহে

কাষৰতে পৰে !

পলকতে লোৱা বুটলি !

এ সময়ৰ টিকনি

আগফালে উৰে মামা !

জিলিকি জিলিকা

তৰা আকাশৰে

চিটিকি যদিহে

কাষৰতে পৰে

পলকতে লোৱা বুটলি !

এ সময়ৰ টিকনি

আগফালে উৰে মামা !

জিলিকি জিলিকা

তৰা আকাশৰে

হা..

-Mmmusic-

-Follow@ MrinalMedhi

ঔ ঔ বাইদেউ !

জীৱনৰ পিচল বাট

খোজ দিবা লাহেকৈ

ঔ ঔ বাইদেউ !

ঔ ঔ বাইদেউ !

সেই বাটত তোমালৈ

দুটি মানুহ আছে ৰৈ

ঔ ঔ বাইদেউ !

ঔ ঔ বাইদেউ !

এজনে ছবি আঁকি,

ৰাখে নৰম দাঢ়ি !

হে আনজনে আলু বেচি

চলায় ফিয়েট গাড়ী

বাইদেউ ! এতিয়াই ভাবা

হা..

ততালিকে ভাবা !

হা..

জীৱনৰ ডোলেৰে

কাক বান্ধিবা ?

কাকনো বান্ধিম

কৈ দিয়া দাদা !

পটেত'ৱালা জিনছ

পাইপ পিন্ধা

জীৱনৰ ডোলেৰে

এতিয়াই বান্ধা

ঔ ঔ বাইদেউ !

জীৱনৰ খেলা

নকৰিবা হেলা !

ৰঘুমলা হৈ তুমি

এতিয়াই বান্ধা বাইদেউ

পটেত'ৱালা জিনছ

পাইপ পিন্ধা

হা.. ?!

-Mmmusic-

-Follow@ MrinalMedhi

ঔ ঔ কাইটি !

এই দাঢ়ি এতিয়াই

কাটি পেলোৱা

এ:

তাৰে তুমি সাতডাল

ব্ৰাছ বনোৱা

এ:

আঠঅনা পইচাৰে

তিন টকা পাবা

হে,

এক লিটাৰ মিঠাতেল

তুমি কিনি ল’বা

মিঠাতেল কিনি মই

কি কৰিম দাদা ?

বৰ বৰ ইঞ্জিনত

তেল দি যাবা

ইঞ্জিনৰ মাতষাৰ

তেতিয়াহে পাবা

পালে মাত জীৱনৰ

পখিলা পাবা

ঔ ঔ ভাইটি কি

হ’ব খুচুৰাম

যদি নাই ইনকাম ?

মণিৰামে ৰাম ৰাম !

মণিৰামে ঠেলিলেহে

জীৱনৰ ঘাট পাম ৷৷

হে হে

এ সময়ৰ টিকনি

আগফালে উৰে মামা !

জিলিকি জিলিকা

তৰা আকাশৰে

চিটিকি যদিহে

কাষৰতে পৰে

পলকতে লোৱা বুটলি !

এ সময়ৰ টিকনি

আগফালে উৰে মামা !

জিলিকি জিলিকা

তৰা আকাশৰে

চিটিকি যদিহে

কাষৰতে পৰে

জিলিকি জিলিকা

তৰা আকাশৰে

চিটিকি যদিহে

কাষৰতে পৰে

হা -

Еще от Dipen Baruah

Смотреть всеlogo

Тебе Может Понравиться