menu-iconlogo
huatong
huatong
avatar

Unmona

Iliadhuatong
ntna12huatong
Тексты
Записи
অচিনাকি হিয়াতে কিয়নো ৰ'লাহি?

মিছাতেই মায়াবী সপোন ৰচিলাহি

শোকৰে সমীৰণ বুকুতে আনিলা

বেদনাৰ পদূলিত বাসনা ঢালিলা

অজানা হৃদয়ত শিহৰণ জগালা

মনৰে আশাবোৰ কিয়নো ভাঙি নিলা?

প্ৰিয়া, কিয়নো সানি গ'লা মিছা আশা?

এবাৰতো মোৰে হৈ ৰোৱাঁ

কাহিনী কিয় আমাৰ আধৰুৱা?

মন মোৰ আজি উন্মনা

গোপনে সাঁচিলোঁ, কাষতে ৰাখিলোঁ তোমাৰ হাঁহি

এবাৰতো আহি ৰোৱাঁহি, আঁকিমে তোমাৰ ছবি

গোপনে সাঁচিলোঁ, কাষতে ৰাখিলোঁ তোমাৰ হাঁহি

এবাৰতো আহি ৰোৱাঁহি, আঁকিমে তোমাৰ ছবি

অ' প্ৰিয়া, কিয়নো সানি গ'লা মিছা আশা?

এবাৰতো মোৰে হৈ ৰোৱাঁ

কাহিনী কিয় আমাৰ আধৰুৱা?

মন মোৰ আজি উন্মনা

Еще от Iliad

Смотреть всеlogo

Тебе Может Понравиться