গীত : আহো বুলি নাহিলি
কণ্ঠ : নিলাক্ষী চাংকাকতি,প্ৰবীন বৰা
কথা,সুৰ : প্ৰবীন বৰা
সংগীত : বিজয় ভূঞা
জয় আই অসম
f/আহো বুলি নাহিলি
খবৰো চোন নিদিলি
আমনি লাগিছে বাটে চাই
চেনাইধন
•••••••---•••••••
m/যাওনো কেনেকৰি
সীমান্তৰে প্ৰহৰী
দেশৰ খবৰ
জানো শুনা নাই
বুকুৰধন
f/তাহানিৰ ধেমালীবোৰ
মনতে পৰিলে মোৰ
অজানা ভাবতে ডুব যাও
চেনাই ধন
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
f/বাও চকু লৰিলে
পদূলীলৈ চাও
ডাকোৱালৰ পৰা
কিজানিবা খবৰ পাও
~~~~~~~~•••
বহুদিন হল তোৰ নাই
একো বাতৰি
মাজনিশাৰ সপোনতো
উঠো শিয়ৰি
m/মোৰ সীমান্ততে শতৰুৰে
ৰণৰে হুংকাৰ
কৰিছো পন কৰিম নিপাত
মিছা অহংকাৰ
সেইবাবে যোৱা নাই
ছুটিৰো মঞ্জুৰ হোৱা নাই
মনত পৰে বহুকথাই তোৰ
বুকুৰ ধন
---------==
m/অ হৌ হৌ হৌ হৌ হৌ
f/অ অ অ অ অ অ অ
ট্ৰেক অনূৰোধ : বেণু দেৱনাথ
m/শতৰুৰে পুচুঙনি উচটনি পাই
নিজ বুদ্ধি দিমে চলাই
দিয়ে দলিয়াই
কোন আপোন কোন পৰ
ভবাৰ সময় নাই
কুটুমে কুটুমক মাৰি
তেজৰ নৈ বোৱাই
f/বুজা নাই সিহঁতে আমি
কনক মণিৰাম
দেশৰ মান আমাৰ বাবে
প্ৰাণত কৈও প্ৰাণ
নহাৰ কাৰন বুজিলো
ঈশ্বৰকে চিন্তিলো
কুশল কামনা কৰি তোৰ
চেনাইধন
m/সময় পালে যামেগৈ
তোৰেনে ঐ কাষলৈ
মৰম কৰিম হেঁপাহ পলুৱাই
বুকুৰধন