menu-iconlogo
huatong
huatong
Тексты
Записи
মিঠা মিঠা কথাৰে মন ওপচাই

লাজুকী চাৱনিৰে বেথা পাহৰাই

হৃদয়লে' অহা-যোৱা কৰা সঘনাই

মিঠা মিঠা কথাৰে মন ওপচাই

লাজুকী চাৱনিৰে বেথা পাহৰাই

হৃদয়লে' অহা-যোৱা কৰা সঘনাই

মোৰ হৃদয়ে নাচিছে আজি উলাহতে

বিচাৰে তোমাক সদায় কাষৰতে

মতলীয়া এই মন

আজি তোমাতে মগন

প্ৰতিদিন-প্ৰতিনিশা ভাবে তোমাৰ কথাকে

মোৰ হৃদয়ে নাচিছে আজি উলাহতে

বিচাৰে তোমাক সদায় কাষৰতে

মতলীয়া এই মন

আজি তোমাতে মগন

প্ৰতিদিন-প্ৰতিনিশা ভাবে তোমাৰ কথাকে

ফাগুনৰ উতনুৱা এই পছোৱাই

অজানিতে তোমাৰেই বাতৰি বিলায়

ভাগৰুৱা হৃদয়ৰ দুখ পাহৰায়

হৃদয় জুৰোৱা তোমাৰ এই দুনয়নে

প্ৰণয়ৰ ৰং সানে গোপনে গোপনে

দুটি প্ৰাণৰ মিলন হ'ল মধুৰ লগন

মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে

হৃদয় জুৰোৱা তোমাৰ এই দুনয়নে

প্ৰণয়ৰ ৰং সানে গোপনে গোপনে

দুটি প্ৰাণৰ মিলন হ'ল মধুৰ লগন

মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে

Еще от Sannidhya Bhuyan/Aarxslan

Смотреть всеlogo

Тебе Может Понравиться