চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব
গধূলিকে তোমাৰেনো কবিতাবোৰ
ভূপালি ৰাগহৈ সৰিব
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব
বাৰে বাৰেনো লাগি ধৰিছে
ওঁঠতে তোমাৰে তোমাৰে নাম
ৰ'দে হাঁহিছে ৰ'দালি নামিছে
মৰমতে তাতে কিয় ইমান
জোৰকে বৈ আহে পুৱালি বতাহ
লৈ যাব মোক
তোমাৰে কাষলে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
জাগি জাগিনো ৰৈয়ে থাকিমে
তুমি নহ'লে যেন নহয় যে পুৱা
বাচি বাচিনো সপনো দেখো মই
মায়াৰে কৰেং তুমি সজোৱা
জোৰকে বৈ আহে পুৱালি বতাহ
লৈ যাব মোক
তোমাৰে কাষলে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব
গধূলিকে তোমাৰেনো কবিতাবোৰ
ভূপালী ৰাগ হৈ সৰিব