Agoli Kolapat Lore Ki Sore 
Assamese Modern Song 
Lyrics: Nirmalprova Bordoloi 
Singer: Dr. Anima Choudhury 
 Support Assamese Songs 
  আগলি কলাপাত লৰে কি চৰে 
টোপ টোপ চকুলো সৰে... 
সৰে, 
আগলি কলাপাত লৰে কি চৰে 
টোপ টোপ চকুলো সৰে... 
সৰে, 
আগলি কলাপাত লৰে... 
      ইমান যে দূৰণি... 
নুশুনে বিননি... 
ইমান যে দূৰণি... 
নুশুনে বিননি... 
ক’তে বা চাকৰি কৰে... 
ক’তে বা চাকৰি কৰে... 
টোপ টোপ চকুলো সৰে.... 
সৰে, 
আগলি কলাপাত লৰে কি চৰে... 
টোপ টোপ চকুলো সৰে.... 
সৰে, 
আগলি কলাপাত লৰে... 
      চৰাই কুমলীয়া উৰিব নেজানে 
ঘূৰি গৈ ডালতে পৰে 
মন উৰণীয়া বুজনি নেমানে 
ঘনেকৈ মনতে পৰে 
চৰাই কুমলীয়া উৰিব নেজানে 
ঘূৰি গৈ ডালতে পৰে 
মন উৰণীয়া বুজনি নেমানে 
ঘনেকৈ মনতে পৰে 
মন... 
জোনতকৈ বেগেৰে উৰে 
আগলি কলাপাত লৰে কি চৰে... 
টোপ টোপ চকুলো সৰে.... 
সৰে, 
আগলি কলাপাত লৰে... 
      কপৌ কুৰুলিয়াই বনত 
কপৌ কুৰুলিয়াই বনত... 
বুকুৰে ভিতৰত কিহে কুৰুলিয়াই 
ৰাইজাই লাগিছে দেহত 
শীতলকৈ শেতেলী জুই যেন লাগিছে 
তুঁহ জুই পোৰাদি পোৰে... 
জোনৰে জোনাকত ইমান যে পোৰণি 
কান্দো ৰাতি উজাগৰে 
তোমালৈ মনতে পৰে 
আগলি কলাপাত লৰে কি চৰে... 
টোপ টোপ চকুলো সৰে... 
সৰে, 
আগলি কলাপাত লৰে...৷ 
 JOI AAI A OM  
 Thank You