কথাছবি: ডক্তৰ বেজবৰুৱা
কন্ঠ: দ্বীপেন বৰুৱা/নিৰ্মলা মিশ্ৰ
গীতিকাৰ: নিৰ্মলপ্ৰভা বৰদলৈ
সুৰ/সংগীত: ৰমেন বৰুৱা
ম:কি নাম দি মাতিম
মাতিম তোমাক
নিবিড় গোপন কিযে মায়া
কি নামৰে সোণ পৰশত
স্বৰ্ণালী হয় হিয়া
পু:যি নাম দি মাতা
সেয়েই মিঠা
জীৱন মৰু তুমি ছাঁয়া
চম্পা বনৰ সুবাস লাগি
উন্মনা মন হিয়া
ম:কি নাম দি মাতিম
মাতিম তোমাক
Interlude
ম:মন আজি মোৰ যায় হবলৈ
পলাশৰ এটি ফুল, বনতে সৌ
Short Music
পু:মন আজি মোৰ যায় হবলৈ
পলাতক এটি ভুল, বিছাৰি মৌ
ম:প্ৰজাপতি মন
হয় উন্মন
সুৰে সুৰে উৰণীয়া
পু:চম্পা বনৰ সুবাস লাগি
উন্মনা মন হিয়া
ম:কি নাম দি মাতিম
মাতিম তোমাক
নিবিড় গোপন কি যে মায়া
কি নামৰে সোণ পৰশত
স্বৰ্ণালী হয় হিয়া
পু:যি নাম দি মাতা
সেয়েই মিঠা
জীৱন মৰু তুমি ছাঁয়া
চম্পা বনৰ সুবাস লাগি
উন্মনা মন হিয়া
ম:কি নাম দি মাতিম
মাতিম তোমাক
Interlude
ম:স্বপ্ন দিলা দুই নয়নত
চন্দ জীৱনত
গোপনে মোৰ
Short Music
পু:তুমি দিলা মৌ শিহৰণ
ৰিক্ত হৃদয়ত
সিঁচিলা সুৰ
ম:মনৰে ময়ূৰ
স্বপ্ন বিভোৰ
ৰঙে ৰঙে মোহনীয়া
পু:চম্পা বনৰ
সুবাস লাগি
উন্মনা মন হিয়া
ম:কি নাম দি মাতিম
মাতিম তোমাক
নিবিড় গোপন কি যে মায়া
কি নামৰে সোণ পৰশত
স্বৰ্ণালী হয় হিয়া
পু:যি নাম দি মাতা
সেয়েই মিঠা
জীৱন মৰু তুমি ছাঁয়া
চম্পা বনৰ সুবাস লাগি
উন্মনা মন হিয়া