বিহুগীত = মই বৰ দুখেৰে
কণ্ঠশিল্পী = জুবিন গার্গ / বৰ্ণালী কলিতা
শ্রব্য কেছেট = দীপালি (2009)
কথা -সুৰ- সংগীত= বিমান বৰুৱা
জয় আই অসম
M => অ, মই বৰ
অ, মই বৰ দুখেৰে ঘটিছো
ধনে অ, দীপালি
হাড়ক মাটি কৰি
তেজক পানী কৰি
মই বৰ দুখেৰে
দুখেৰে ঘটিছো ধন
//////////কোৰাছ/////////////
অ, তুমি বাৰু নুবুজানে
মোৰে কোমল মন
তোমাকে সোণ পাবলৈ মই
কৰিছো যে পণ
অ, মই বৰ ...........
F=> অ, মই বৰ
হেঁপাহে বৈ আনিছো
জানানে চেনাইটি
মৰমৰ দীঘে দি
চেনেহৰ বানী দি
মই বৰ হেঁপাহে বলো বিহুৱান
হেঁপাহে বলো বিহুৱান খন
//////////কোৰাছ////////////////
ঐ জুমি বাৰু চাব পাৰিনে
কোমল হিয়াখন
নহল আশা সাচি থবলৈ
বাকচৰে ধন
অ মই বৰ.....
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
M = অ, মই বৰ যতনে বান্ধিছো
মনে অ, দীপালি
হিয়াৰ মৰম খিনি
তোমাক দিমে বুলি
মই বৰ যতনে বান্ধিছো
যতনে বান্ধিছো মন ......
///////////কোৰাছ//////////////
অ, সাঁচি বাৰু ৰাখিছান
তোমাৰো যৌৱন
ৰঙেৰে সোণ ভৰাবানে
মোৰে নো জীৱন ....
অ, মই বৰ......
F=> অ, মই বৰ
আশাৰে গনিছো
ক্ষণে অ, চেনাইটি
বেৰতে আঁউজি
নখে মাটিত লিখি
মই বৰ আশাৰে গনিছো
আশাৰে গনিছো ক্ষণ ......
////////// কোৰাছ ///////////
অ, তুমি বাৰু জুৰাবানে
মোৰে দেহা মন
কেতিয়ানো আহিবা
অ, মোৰে চেনাই ধন
অ, মই বৰ............
//////////কোৰাছ////////////
Track Request : Prakash Xurdeul