menu-iconlogo
huatong
huatong
avatar

Ajoli Suwali Buli

Krishnamoni Nath/Sandhya Menonhuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Şarkı Sözleri
Kayıtlar
গীত : আজলী ছোৱালী বুলি

এলবাম : লগৰী হ'বানে তুমি মোৰ (1998)

কণ্ঠ : কৃষ্ণমণি নাথ,সন্ধ্যা মেনন

সংগীত : অভিজিৎ বর্মন

কথা : অভিজিৎ বর্মন

জয় আই অসম(১ম ভাগ পুৰুষ)

M=আজলী ছোৱালী বুলি

ভাবি কৰিলো যে ভুল

এতিয়া বুজিলো তোমাক

নোহোৱা আলসুৱা ফুল

F=যাঃ নালাগে মোকে ভুলাব

প্রেমৰে গান মোক শুনাব

মিছাতে পিছত ঘুৰিব

তোমাক ক'ব যে ভুল

M=হেই আজলী ছোৱালী বুলি

ভাবি কৰিলো যে ভুল

এতিয়া বুজিলো তোমাক

নোহোৱা আলসুৱা ফুল

F=হে.. নালাগে মোকে ভুলাব

প্রেমৰে গান মোক শুনাব

মিছাতে পিছত ঘুৰিব

তোমাক ক'ব যে ভুল

আজলী ৰূপহী বুলি

ভাবি নকৰিবা ভুল

তোমাকে পাবলৈ জানা

হোৱা নাই মই বিয়াকুল

\(*o*)/?\(*o*)/

F=ঘৰৰে শুৱনি মই

লখিমী হেন জীয়ৰী

মা দেউতাই বাছি দিয়া

ঘৰৰে হ'ম বোৱাৰী

M=শকতি আছে যে মনত

তোমাকে ৰাখিব সুখত

থাকিবা মোৰ ৰাজে ৰাণী হৈ

F=ঘৰৰে শুৱনি মই

লখিমী হেন জীয়ৰী

মা দেউতাই বাছি দিয়া

ঘৰৰে হ'ম বোৱাৰী

M=শকতি আছে যে মনত

তোমাকে ৰাখিব সুখত

থাকিবা মোৰ ৰাজে ৰাণী হৈ

F=যাঃ নালাগে ৰজা বুলিব

নিজকে নিজে জহাব

মানুহে শুনিলে কি ক'ব

তোমাক ক'ব যে ভুল

M=হেই আজলী ছোৱালী বুলি

ভাবি কৰিলো যে ভুল

এতিয়া বুজিলো তোমাক

নোহোৱা আলসুৱা ফুল

F=নালাগে মোকে ভুলাব

প্রেমৰে গান মোক শুনাব

মিছাতে পিছত ঘুৰিব

তোমাক ক'ব যে ভুল

আজলী ৰূপহী বুলি

ভাবি নকৰিবা ভুল

তোমাকে পাবলৈ জানা

হোৱা নাই মই বিয়াকুল

\(*o*)/?

F=মোকে সোণ লাগে যদি

কৰা গৈ ভাল চাকৰি

মা দেউতাক ময়ে বুজাম

তেতিয়া কিবা কৰি

M=চাকৰি নাপালে দেহা

কৰিব লাগিব বেহা

তথাপি আহিবা মোৰে হৈ

F=মোকে সোণ লাগে যদি

কৰা গৈ ভাল চাকৰি

মা দেউতাক ময়ে বুজাম

তেতিয়া কিবা কৰি

M=চাকৰি নাপালে দেহা

কৰিব লাগিব বেহা

তথাপি আহিবা মোৰে হৈ

F=আজিয়ে দিলো তোমাকেই

ওৰেটো জীৱনৰ কাৰণে

উজাৰি সকলো গোপনে

মই যে তোমাত আকুল

M=হেই তোমাৰে পিছতে ঘুৰি

কৰা নাই মই একো ভুল

আজিহে জানিলো তোমাক

মোৰে কলিজাৰে ফুল

F=এ সেয়েহে দিলো তোমাকে

ওৰেটো জীৱনৰ কাৰণে

উজাৰি সকলো গোপনে

মই যে তোমাত আকুল

ৰূপহী ছোৱালী হলেও

বুজিবা মৰমৰে মূল

তোমাকে পাবলৈ আজি

ময়ো হলো বিয়াকুল

আজিয়ে দিলো তোমাকেই

ওৰেটো জীৱনৰ কাৰণে

উজাৰি সকলো গোপনে

মই যে তোমাত আকুল

M=হেই তোমাৰে পিছতে ঘুৰি

কৰা নাই মই একো ভুল

আজিহে জানিলো তোমাক

মোৰে কলিজাৰে ফুল

F=তোমাকে পাবলৈ আজি

ময়ো হলো বিয়াকুল

M=আজিহে জানিলো তোমাক

মোৰে কলিজাৰে ফুল

Krishnamoni Nath/Sandhya Menon'dan Daha Fazlası

Tümünü Görlogo

Beğenebilirsin