menu-iconlogo
huatong
huatong
avatar

DhuliKona Moi written by Chandradhar Barua.

kumar bhabeshhuatong
Mrinal✊Medhihuatong
Şarkı Sözleri
Kayıtlar
ধুলিকণা মই ধুলিকণা

ধুলিকণা মই ধুলিকণা

মই ধুলিকণা

মই ধুলিকণা

এ- এএ এ এ

যিদিনা মৰিম মই,

সেইদিনা বাৰু

জগতৰ কেনি

হানি হ’ব?

মৰিলো নে আছো মই,

এই কথাকেনো

পৃথিৱীৰ কিমানে জানিব?

যিদিনা মৰিম মই,

সেইদিনা বাৰু

জগতৰ কেনি

হানি হ’ব?

মৰিলো নে আছো মই,

এই কথাকেনো

পৃথিৱীৰ কিমানে জানিব?

ধুলিকণা মই ধুলিকণা

মই ধুলিকণা

মই ধুলিকণা

মই মৰিলেও

দিন গ’লে ৰাতি হ’ব,

জোন বেলি

ওলায়ে থাকিব

গছত ফুলিব ফুল,

বতাহ বলিব,

নিজ বাটে

নক্ষত্ৰ ঘূৰিব৷

যিদিনা মৰিম মই,

সেইদিনা বাৰু

জগতৰ কেনি

হানি হ’ব?

মৰিলো নে আছো মই,

এই কথাকেনো

পৃথিৱীৰ কিমানে জানিব?

ধুলিকণা মই ধুলিকণা

ধুলিকণা মই ধুলিকণা

মই ধুলিকণা

মই ধুলিকণা

আজিৰ দৰেই নিতে

জগত চলিব,

নাই তাত অকণো সংশয়

এই বিশ্ব-সংসাৰৰ

কোনো নিয়মৰে

লৰ-চৰ অলপো নহয়৷

মই নোহোৱাৰ বাবে

এই জগতৰ

কোনো পৰি নাথাকিব,

যিদিনা মৰিম মই,

সেইদিনা বাৰু

জগতৰ কেনি

হানি হ’ব?

মৰিলো নে আছো মই,

এই কথাকেনো

পৃথিৱীৰ কিমানে জানিব?

যিদিনা মৰিম মই,

সেইদিনা বাৰু

জগতৰ কেনি

হানি হ’ব?

মৰিলো নে আছো মই,

এই কথাকেনো

পৃথিৱীৰ কিমানে জানিব?

ধুলিকণা মই ধুলিকণা

মই ধুলিকণা

মই ধুলিকণা

কামত বিভোৰ এই

বিশাল বিশ্বই

মই মৰা গমকে নেপাব৷

অনন্ত বিশ্বৰ

অসংখ্য ধূলিৰ

এটি মাত্ৰ ধূলি-কণা মই

মোৰ অবিহনে

এই বিপুল সৃষ্টিৰ

কেনিও অকণো

হানি নাই৷

যিদিনা মৰিম মই,

সেইদিনা বাৰু

জগতৰ কেনি

হানি হ’ব?

মৰিলো নে আছো মই,

এই কথাকেনো

পৃথিৱীৰ কিমানে জানিব?

যিদিনা মৰিম মই,

সেইদিনা বাৰু

জগতৰ কেনি

হানি হ’ব?

মৰিলো নে আছো মই,

এই কথাকেনো

পৃথিৱীৰ কিমানে জানিব?

ধুলিকণা মই ধুলিকণা

ধুলিকণা মই ধুলিকণা

মই ধুলিকণা

মই ধুলিকণা

এ এ এএ এ

kumar bhabesh'dan Daha Fazlası

Tümünü Görlogo

Beğenebilirsin