menu-iconlogo
huatong
huatong
avatar

O mur dharitri aii

Bhupen Hazarikahuatong
quidleyhegghuatong
歌词
作品
অ' মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই

খেতিয়কৰ

নিস্তাৰ নাই

মাটি বিনে অসহায়

দয়া কৰা

দয়াশীলা আই

অ' মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই

খেতিয়কৰ

নিস্তাৰ নাই

মাটি বিনে অসহায়

দয়া কৰা

দয়াশীলা আই

ৰদ বৰষুণ কাটি কৰি

ঘাম পেলাই চহ কৰি

তোমাৰ বুকুত

সোণ চপাওঁ

আনে নিয়ে কাঢ়ি

ধৰিত্ৰী আই মোৰ

অমাক তুমি নেৰিবা

তোমাৰ চেনেহ বিনে আই

আমি নিৰুপায়

মাটিকে সাৱটি ধৰি

মাটিকে সাৰথি কৰি

মাটিৰ বুকুত

শোণিত ঢালোঁ

জিৰণি পাহৰি

ধৰিত্ৰী আই মোৰ

আমাক তুমি নেৰিবা

তোমাৰ চেনেহ বিনে আই

আমি নিৰুপায়

মই হ'লো

মাউৰা লৰা

মোৰ আই নাই

কাবৌ কৰোঁ

ধৰিত্ৰী মোৰ

তুমি হবা আই

মই হ'লো

মাউৰা লৰা

মোৰ আই নাই

কাবৌ কৰোঁ

ধৰিত্ৰী মোৰ

তুমি হবা আই

মাটি আৰু খেতিয়কৰ

সম্বন্ধ

আছে যুগ যুগৰ

কৃষক মাটিৰ মিলনৰ

দিয়ে অন্তৰায়

অ' মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই

খেতিয়কৰ

নিস্তাৰ নাই

মাটি বিনে অসহায়

দয়া কৰা

দয়াশীলা আই

দয়া কৰা

দয়াশীলা আই i

দয়া কৰা

দয়াশীলা আই

更多Bhupen Hazarika热歌

查看全部logo