ৰাগ: গৌৰী
তাল: চুটকলা
মাত্ৰা: ১৪
✳️✳️✳️✳️✳️✳️✳️
সেৱহু মন ভজহু মন
শংকৰৰ পদ দুই
যো পদৰজ পৰশি কলিত
যো পদৰজ পৰশি কলিত অ'
অগতিৰ গতি হুই।
অ' অগতিৰ গতি হুই।
✳️✳️✳️✳️✳️✳️✳️
🎵🎵🎵🎵🎵🎵🎵
✳️✳️✳️✳️✳️✳️✳️
যো হৰি যদু কূলে অৱতৰি
প্ৰকাশি যশ বিপুল
জগত তাৰিলা
ভাৰ সংহাৰিলা
জগত তাৰিলা
ভাৰ সংহাৰিলা অ'
নিস্তাৰিলা যদু কূল
অ' নিস্তাৰিলা যদু কূল
✳️✳️✳️✳️✳️✳️✳️
🎵🎵🎵🎵🎵🎵🎵
✳️✳️✳️✳️✳️✳️✳️
সো হৰি শংকৰ নৰৰূপ ধৰি
ৰাজধৰ কূলে আসি
কূল উদ্ধাৰিলা
লোক নিস্তাৰিলা
কূল উদ্ধাৰিলা
লোক নিস্তাৰিলা অ'
কৃষ্ণৰ যশ প্ৰকাশি
অ' কৃষ্ণৰ যশ প্ৰকাশি
✳️✳️✳️✳️✳️✳️✳️
🎵🎵🎵🎵🎵🎵🎵
✳️✳️✳️✳️✳️✳️✳️
গীত কবিত শুনন্তে লোকৰ
অমৃত বৰিষে মনে
মাধৱৰ পদ ৰেণু শিৰে ধৰি
মাধৱৰ পদ ৰেণু শিৰে ধৰি অ'
দীন গোপালে ভনে
অ' দীন গোপালে ভনে
অ' দীন গোপালে ভনে
✳️✳️✳️✳️✳️✳️✳️