বিহুগীত : কিয়নো মিছাতে
কণ্ঠ : জুবিন,বৰ্ণালী
বিহুকেছেট : মৰমজান২০০৩
সংগীত : অনুপম শইকীয়া
জয় আই অসম
m=কিয়নো মিছাতে
মোৰে মন মুহিলা ?
কোৰাছ%%%%%
মোৰে জীৱনক লৈ
কিয়নো খেল খেলিলা
কোৰাছ%%%%%
মনৰ আপোন জনক
এৰি থৈ কন্দুৱাই
কোৰাছ%%%%%
ধনৰে গৰাকীক
ল'লা কাষে চপাই
কোৰাছ%%%%%
মই ভবাটো নাছিলো
জান ঐ এনে হব বুলি
মই জনাটো নাছিলো
মিছা মৰম দিবা বুলি
কোৰাছ%%%%%
কিয় গুছি গ'লা নিঠৰুৱা কৰি
কোৰাছ%%%%%
(。・//ε//・。)(。・//ε//・。)
f=প্ৰথম চিনাকীতে
মোৰে মন মুহিলা
কোৰাছ%%%%%
লাহেকৈ অন্তৰৰ
মৰমবোৰ জুখিলা
কোৰাছ%%%%%
অ মৰমবোৰ ঢুকি পাই
প্ৰেমত মোক ডুবালা
কোৰাছ%%%%%
এবছৰ নৌহওতেই
আতৰি আহিলা
কোৰাছ%%%%%
মই একো নুবুজিলো
কিয় আহিলা আতৰি
মই একো নাজানিলো
কিহত বেয়া পালা তুমি
কোৰাছ%%%%%
নাহানে কাষলৈ এবাৰো উভটি
কোৰাছ%%%%%
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
m=জীৱন দুদিনীয়া
যৌৱন দুদিনীয়া
কোৰাছ%%%%%
তোমাৰ মৰম চেনেহ
আৰু খন্তেকীয়া
কোৰাছ%%%%%
মৰম নিচিনিলা
চেনেহ নুবুজিলা
কোৰাছ%%%%%
অন্তৰৰ ভালপোৱা
ধনেৰে জুখিলা
কোৰাছ%%%%%
সঁচা মৰমে নামানে
জান ঐ চহকী দুখীয়া
আজি দুখীয়া বুলি মোক
তুমি ঘৃণা কৰি গলা
কোৰাছ%%%%%
হয়তো বাছি ল'বা ধনী ঘৰৰ লৰা
কোৰাছ%%%%%
(。・//ε//・。)(。・//ε//・。)
f=অ বহুতৰ মৰমক
পাইয়ো হেৰুৱালো
কোৰাছ%%%%%
তোমাৰ মৰম চেনেহ
আদৰি লৈছিলো
কোৰাছ%%%%%
অ ধনে সোনে খুজি
আমনি কৰা নাই
কোৰাছ%%%%%
ধনৰ গৰাকী চাই
কাকো ভালপোৱা নাই
কোৰাছ%%%%%
মই যদিহে গুছি যাও
তোমাক সঁচাকৈ এৰি থৈ
এই জীৱন থাকে মানে
ময়ো থাকিমে তোমাৰ হৈ
কোৰাছ%%%%%
তোমাৰ বাবেইটো আছো
এতিয়াও ৰৈ
কোৰাছ%%%%%
ধন্যবাদ সহকাৰে BIJIT_শিৱসাগৰীয়া