গীত : মোৰ হিয়া জ্বলে
এলবাম : দেহাজান (1999)
কণ্ঠ : কুমাৰ ভৱেশ
সংগীত : অভিজিৎ বর্মন
কথা : সত্যজিৎ কলিতা
জয় আই অসম
বিহুৰে বতৰত আছা যে লুকাই
এবাৰ নেদেখিলে বুকু নুজুৰাই
হিয়া জ্বলে...!
মোৰ হিয়া জ্বলে
মোৰ হিয়া জ্বলে
নেদেখি তোমাক..
মোৰ হিয়া জ্বলে
নেদেখি তোমাক..
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
মুগা ৰিহাৰ সাজ পিন্ধি
আহিবানে কাষলৈ
মনৰ বহু কথা পাতিম
মাথোঁ তুমি আৰু মই
তোমাক নেদেখিলে
উকা উকা লাগে মন
এনেহেন বতৰতে
একোতে নবহে মন
তোমাৰ বাবে আছোঁ ৰৈ
নিজানত অকলে
হিয়া জ্বলে...!
বিহুৰে বতৰত আছা যে লুকাই
এবাৰ নেদেখিলে বুকু নুজুৰাই
হিয়া জ্বলে...!
মোৰ হিয়া জ্বলে
মোৰ হিয়া জ্বলে
নেদেখি তোমাক..
মোৰ হিয়া জ্বলে
নেদেখি তোমাক..
ট্ৰেক অনুৰোধ : বেণু দেৱনাথ
সাঁচি থোৱা বহু মৰম
আনিছো সোণ দিবলৈ
গাম খাৰু কেৰু মণি
আনিছো সোণ তোমালৈ
তোমাৰ মুখনি যেন
বহুদিন মই দেখা নাই
তুমিটো নাজানা
কেনেকৈ আছো জীয়াই
আজি উতলা মোৰ মন
তোমাকেই চাবলে
হিয়া জ্বলে...!
বিহুৰে বতৰত আছা যে লুকাই
এবাৰ নেদেখিলে বুকু নুজুৰাই
হিয়া জ্বলে...!
মোৰ হিয়া জ্বলে
মোৰ হিয়া জ্বলে
নেদেখি তোমাক
মোৰ হিয়া জ্বলে
নেদেখি তোমাক
মোৰ হিয়া জ্বলে
নেদেখি তোমাক