menu-iconlogo
huatong
huatong
歌詞
作品
অ' অ' অ'

আধা খোলা ফটো খনি চাই

ওৰে নিশা টোপনি মোৰ নাই

Mobile On কৰি

ঘনাই চাওঁ খুলি

কিজানিবা মন মোৰ জুৰাই!

আধা খোলা ফটো খনি চাই

সীমা আৰু নাযাবা চেৰাই

আধাতেই বাধা

তাতেই হে মজা

হেঁপাহ বোৰ আছে যে লুকাই!

বেলিও আনিম

তৰাও বুটলিম

তোমালৈ জান তোমালৈ

পাহাৰো বগাম

সাগৰ সাঁতুৰিম

তোমাৰ হৈ জান তোমাৰ হৈ

বেলি নহলেও তৰা নাথাকিলেও

লাগে মৰম সঁচা হৃদয়ৰ

বেলি নহলেও তৰা নাথাকিলেও

লাগে মৰম সঁচা হৃদয়ৰ

ৰাধা হ'বা মই হ'ম কানাই

মৰম বিলাম আমি দুজনাই

বাঁহীৰ মাত শুনি

নিজকে পাহৰি

মনে তাতে থাকিব জিৰাই!

অ' অ' অ'

মৰম ও যাঁচিম

সপোনবোৰ ৰচিম

তোমালৈ জান তোমালৈ

আশাবোৰ সিঁচিম

ওৰে জীৱন থাকিম

তোমাৰ হৈ জান তোমাৰ হৈ

মনে মিলিলে দুখনি হিয়াৰে

বাধা দিয়ে কোনে আমাক ঐ

মনে মিলিলে দুখনি হিয়াৰে

বাধা দিয়ে কোনে আমাক ঐ

বাধা দিলে মা দেউতাই

বুজাম মই কাষত বহুৱাই

মৰমে ৰাখিব

সুখেৰে খুৱাব

থাকিম সুখৰ পঁজাটি সজাই!

更多Zubeen Garg/Priyanka Bharali熱歌

查看全部logo

猜你喜歡