গীত : গুণগুনাও তেতিয়া
এলবাম : প্ৰতিধ্বনি (1996)
কণ্ঠ : ডলী ঘোষ
সংগীত : ধ্ৰুবজ্যোতি ফুকন
কথা : খঞ্জন নাথ
জয় আই অসম
গুণগুনাও তেতিয়া
যেতিয়া ফুলে মোৰ
ফুলনি ভৰি ৰজনীগন্ধা
~~~~~ ~~~~~
বুকুৰ মাজত নামিব খোজে মোৰ
সুৰৰ অলকানন্দা !
সুৰৰ অলকানন্দা !
গুণগুনাও তেতিয়া !
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
ফাগুনে ৰঙাখিনি সিঁচি দিয়ে
আলফুলে পৃথিৱীলৈ
শৰতে নিয়ৰখিনি সিঁচি দিয়ে
আলফুলে দুৱৰিলৈ
ভাল লাগে তেতিয়া
যেতিয়া শেৱালীৰে চোতাল ভৰে
শৰতৰ সন্ধ্যা
বুকুৰ মাজত নামিব খোজে মোৰ
সুৰৰ অলকানন্দা !
সুৰৰ অলকানন্দা !
গুণগুনাও তেতিয়া !
ট্ৰেক অনুৰোধ : lanigoswami00
আবেলি আকাশতে এজাক চৰাই
উৰি উৰি উৰে দূৰণিলৈ
কুলিটিয়ে উলাহতে গুণগুণাই
উৰি উৰি উৰে ফুলনিলৈ
ভাল লাগে তেতিয়া
যেতিয়া পৃথিৱীলৈ জোনাক নামে
শৰতৰ সন্ধ্যা
~~~~~¥¥¥~~~~~
বুকুৰ মাজত নামিব খোজে মোৰ
সুৰৰ অলকানন্দা !
সুৰৰ অলকানন্দা !
গুণগুনাও তেতিয়া
যেতিয়া ফুলে মোৰ
ফুলনি ভৰি ৰজনীগন্ধা
বুকুৰ মাজত নামিব খোজে মোৰ
সুৰৰ অলকানন্দা !
সুৰৰ অলকানন্দা !
গুণগুনাও তেতিয়া !