অ' শ'লে ভুমুকিয়াই,অ' শালে ভুমুকিয়াই
অ' চেঙাই ভুমুকিয়াই গাঁতত
অ'ই মনৰে ভিতৰত তোমাৰ অগা-দেৱা
অ'ই দেহি সোনাই চেনাই মইনা ঐ
অ'ই সদায় পৰি থাকে মনত।
ভাস্কৰ-6210801592
পুৰুষ:-কান্দে ধনেশ পক্ষী প্ৰতিমা ঐগছৰে ধোন্দতে ঐ, গছেৰে ধোন্দতে ঐ
খায়ে নো গুচাবলৈ ভোক,
অ'ই মোৰে মনৰ পক্ষী প্ৰতিমা ঐ
কান্দে নো দুখতে ঐ,কান্দে নো দুখতে ঐ
চাবলৈ জান তোমাৰে মুখে ঐ প্ৰতিমা ফুলে বৰনীয়া,পাতে সেউজীয়া তোমাৰ ঐ প্ৰতিমা মাতে মৰমীয়াল
মাতে মৰমীয়াল মাত।
মহিলা: ঐ কান্দে বগলীয়ে বহনা ঐ বিলৰে পাৰতে ঐ,
বিলৰে পাৰতে ঐ
ধৰি খাব নোৱাৰি মাছ....
ঐ মোৰে মনৰ কথা বহনা ঐ মনতে ৰাখিছো ঐ,মনতে ৰাখিছো ঐ,
ক'বলৈ মোৰ লাগিছে লাজে ঐ বহনা
জাপি ঘুৰণীয়া,কাঁহি ঘুৰণীয়া
তোমাৰ ঐ বহনা মাতে জুৰণীয়া,
মাতে জুৰণীয়া মাত।
__________ইন্দ্ৰধনু
পুৰুষ:- ঐ ঘুনুক-ঘানাক কৰি প্ৰতিমা ঐ
ওচৰ চুবুৰীয়াই ঐ,
ওচৰ চুবুৰীয়াই ঐ
তোমাৰ মোৰে ৰটিলে কথা।
লোকৰ কথা শুনি প্ৰতিমা ঐ
কিমান দিন থাকিবা ঐ
কিমান দিন থাকিবা ঐ
কেতিয়ানো মাৰিবা লেঠা ঐ প্ৰতিমা
ফুলে বৰণীয়া, পাতে সেউজীয়া
তোমাৰে প্ৰতিমা মাতে মৰমীয়াল
মাতে মৰমীয়াল মাত।
-----------
মহিলা:- ঐ কিনো মায়াজালত বহনা ঐ
পৰিলো সঁচাকৈ ঐ
পৰিলো সঁচাকৈ ঐ
মনে নো মোৰ আমনি কৰে।
ঐ তোমাৰে চলাহি বহনা ঐ
কথাতে ভোলে গ'লো ঐ
কথাতে ভোলে গ'লো ঐ
দেহানো ইচাত-বিচাত কৰে ঐ বহনা জাপি ঘুৰণীয়া, কাঁহি ঘুৰণীয়া
তোমাৰে বহনা,মাতে জুৰণীয়া
মাতে জুৰণীয়া বৰ।
মাতে জুৰণীয়া
মাতে জুৰণীয়া বৰ।।
ধন্যবাদ