menu-iconlogo
huatong
huatong
Lirik
Rekaman
জোনে-ধোৱা ব'হাগী নিশা

মৌসনা কুলিৰ মাত

মায়া-ভৰা জোনাকী নিশা

সুবাসী সমীৰে চুমে গাত

সুবাসী সমীৰে চুমে গাত

এফাকি যেন চিনাকি কবিতাই মোৰ

হিয়াৰ ফুলনিত ৰং সিঁচি যায়

চিনাকি চিনাকি এটি সুৰে মোৰ

উদাসী মনটি নিচুকায়

এফাকি যেন চিনাকি কবিতাই মোৰ

হিয়াৰ ফুলনিত ৰং সিঁচি যায়

চিনাকি চিনাকি এটি সুৰে মোৰ

উদাসী মনটি নিচুকায়

মন-ভৰা ৰূপালী-মধুৰ নিশা

তৰা-ভৰা নীলিমা (তৰা-ভৰা নীলিমা)

মন-ভৰা ৰূপালী-মধুৰ নিশা

তৰা-ভৰা নীলিমা (তৰা-ভৰা নীলিমা)

আকলুৱা মনৰে আশা, সপোন কোলাত উৰি যায়

মনৰে সীমনাতে কোনেনো মৰমী হিয়াৰে বাটে চায়!

আকলুৱা মনৰে আশা, সপোন কোলাত উৰি যায়

মনৰে সীমনাতে কোনেনো মৰমী হিয়াৰে বাটে চায়!

এফাকি যেন চিনাকি কবিতাই মোৰ

হিয়াৰ ফুলনিত ৰং সিঁচি যায়

চিনাকি চিনাকি এটি সুৰে মোৰ

উদাসী মনটি নিচুকায়

এফাকি যেন চিনাকি কবিতাই মোৰ

হিয়াৰ ফুলনিত ৰং সিঁচি যায়

চিনাকি চিনাকি এটি সুৰে মোৰ

উদাসী মনটি নিচুকায়

মন-ভৰা ৰূপালী-মধুৰ নিশা

তৰা-ভৰা নীলিমা

মন-ভৰা ৰূপালী-মধুৰ নিশা

তৰা-ভৰা নীলিমা

Selengkapnya dari Sannidhya Bhuyan/Aarxslan

Lihat semualogo

Kamu Mungkin Menyukai