menu-iconlogo
huatong
huatong
avatar

Ringa Ringa O

Dwipen Baruahhuatong
✳️HEMANTA🙏BOHNIMAN✳️huatong
가사
기록
গীতঃ ৰিঙা ৰিঙা অ'

মূল গীতৰ কণ্ঠশিল্পীঃ দ্বীপেন বৰুৱা, পাহাৰী শইকীয়া

গীতিকাৰঃ কেশৱ মহন্ত

পুঃ ৰিঙা ৰিঙা অ'

ৰিঙা ৰিঙা

উদং পথাৰ

একা বেঁকা আলি

হালি জালি অ'

কোন ৰূপহী কাষত কলহ

যায় হালি জালি

মঃ পথাৰ উদং আকাশ উদং

উৰুঙা কাৰ মন

কাক বিচাৰি কেনি আহিল

কাৰ বুকুৰ ধন

পুঃ ৰিঙা ৰিঙা অ'

ৰিঙা ৰিঙা উদং পথাৰ

একা বেঁকা আলি

বোলছবিঃ যোগ-বিয়োগ

সঙ্গীতঃ ৰমেন বৰুৱা

মঃ চমকনি মাৰি চাওঁ নহ'লোঁ বিজুলী

মই নহ'লোঁ বিজুলী

পুঃ অ' জিৰাব খুজিলোঁ মই নাপালোঁ মাজুলী

মই নাপালোঁ মাজুলী

মঃ চমকনি মাৰি চাওঁ নহ'লোঁ বিজুলী

মই নহ'লোঁ বিজুলী

পুঃ অ' জিৰাব খুজিলোঁ মই নাপালোঁ মাজুলী

মই নাপালোঁ মাজুলী

আলসুৱা অ'

দুয়োঃ আলফুলীয়া চেনেহেৰে বান্ধিলা মন

পুঃ ৰিঙা ৰিঙা অ'

ৰিঙা ৰিঙা উদং পথাৰ

একা বেঁকা আলি

ট্ৰেকৰ প্ৰস্তুতিঃ

হেমন্ত

মঃ আচহুৱা বতাহৰ বা উৰণীয়া

অ' বা উৰণীয়া

পুঃ অ' আদৰুৱা আঁহতৰ ছাঁ জুৰণীয়া

অ' ছাঁ জুৰণীয়া

মঃ আচহুৱা বতাহৰ বা উৰণীয়া

অ' বা উৰণীয়া

পুঃ অ' আদৰুৱা আঁহতৰ ছাঁ জুৰণীয়া

অ' ছাঁ জুৰণীয়া

পাওঁ কি নাপাওঁ অ'

দুয়োঃ কোনে জানে পাওঁ কি নাপাওঁ

সাঁচতীয়া ধন

কোনে জানে পাওঁ কি নাপাওঁ

সাঁচতীয়া ধন

পুঃ ৰিঙা ৰিঙা অ'

ৰিঙা ৰিঙা উদং পথাৰ

একা বেঁকা আলি

মঃ পথাৰ উদং আকাশ উদং

উৰুঙা কাৰ মন

কাক বিচাৰি কেনি আহিল

কাৰ বুকুৰ ধন

পুঃ ৰিঙা ৰিঙা অ'

ৰিঙা ৰিঙা উদং পথাৰ

একা বেঁকা আলি

ৰিঙা ৰিঙা উদং পথাৰ

একা বেঁকা আলি

কোন ৰূপহী কাষত কলহ

যায় হালি জালি

ৰিঙা ৰিঙা উদং পথাৰ

একা বেঁকা আলি

কোন ৰূপহী কাষত কলহ

যায় হালি জালি

Dwipen Baruah의 다른 작품

모두 보기logo

추천 내용